স্বেচ্ছাচাৰী কীমৰ স’তে কিয় তুলনা কৰিলে এলন মাস্কক ?

WhatsApp Image 2021 12 09 at 4.03.46 PM

বিশ্বৰ সবাতোকৈ ধনাঢ্য বৈদ্যুতিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ স্বত্বাধিকাৰী এলন মাস্ক টুইটাৰত বিশেষভাৱে চৰ্চিত হৈ আহিছে । শেহতীয়াভাৱে মাস্কে তেওঁৰ নতুন কেশবিন্যাসৰ এখন ফটোগ্ৰাফ টুইটাৰত আপলোড কৰিছিল । মাস্কৰ এই নতুন হেয়াৰ ষ্টাইল প্ৰত্যক্ষ কৰি টুইটাৰ ব্যৱহাৰকাৰীসকলে তেওঁক উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক ক্ৰীম জং উনৰ স’তে তুলনা কৰিলে ।

উল্লেখ্য ‌যে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসকজন নিজৰ বিতৰ্কিত কাম-কাজৰ লগতে হেয়াৰ ষ্টাইলৰ বাবেও বিশ্বপ্ৰসিদ্ধ । কীমৰ অনবদ্য কেশবিন্ন্যাসে বিশ্বজুৰি চৰ্চা লাভ কৰি আহিছে । উল্লেখ্য যে কীমৰ এই কেশবিন্ন্যাস উত্তৰ কোৰিয়াত আন কোনো লোক অনুকৰণ কৰিব নোৱাৰে । কিন্তু বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি হিচাপে কীমৰ কেশবিন্ন্যাসকে হঠাতে আদিৰ ল’লে মাস্কে ।

টুইটাৰত মাস্কৰ ৬.৫ কোটিৰো অধিক অনুৰাগী আছে । মাস্কৰ নতুন কেশবিন্ন্যাস প্ৰত্যক্ষ কৰি অনুৰাগীসকলে তেওঁক উত্তৰ কোৰিয়াৰ শাসকৰ স’তে তুলনা কৰিছে । একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মাস্ক আৰু কীমৰ একে কেশবিন্ন্যাসৰ প্ৰমাণ দিবলৈ দুয়োৰে শেহতীয়াকৈ ফটোও টুইটাৰত আপলোড কৰিছে । ব্লুমবাৰ্গৰ তথ্য অনুসৰি মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৭৮ বিলিয়ন ডলাৰ ।

Exit mobile version