ৰাছিয়াত নিৰ্মিত উন্নত প্ৰযুক্তিৰ ‘ভি-৫’ ‘নিৰাপদ’ হেলিকপ্টাৰখনেই’ কাল হ’ল !

Mi 17 V5

এখন সর্বাধুনিক তথা উন্নততৰ প্রযুক্তিৰে নিৰাপত্তাৰ দিশৰ পৰা শ্রেষ্ঠতম এখন হেলিকপ্টাৰেই আজি কাল হ’ল ভাৰতীয় সেনাৰ সর্বাধিনায়ক বিপিন ৰাৱটৰ বাবে।

বুধবাৰে তামিলনাডুৰ কুন্নুৰত ৰাৱটৰ প্ৰাণ লােৱা হেলিকপ্টাৰখন হৈছে সেনাবাহিনীৰ এমআই-১৭-ভি-৫। ৰাছিয়াত নির্মিত এই সেনা হেলিকপ্টাৰখন হৈছে এমআই-৮ৰ উন্নততৰ সংস্কৰণ।

এই হেলিকপ্টাৰৰ বিশেষত্ব হৈছে ইয়াৰ ইঞ্জিন অতি শক্তিশালী। অধিক ভাৰ বহন সক্ষম। নিশাৰ অন্ধকাৰত অনায়াস গতিবিধি আৰু উন্নততৰ নিৰাপত্তা ব্যৱস্থাৰ বাবেও এই হেলিকপ্টাৰৰ সুনাম আছে।

দেশৰ সশস্ত্র বাহিনীৰ সর্বাধিনায়ক ৰাৱটক লৈ এই হেলিকপ্টাৰখন উৰি গৈছিল দুর্গম পাহাৰীয়া অঞ্চলত অৱস্থিত ৱেলিংটনৰ ডিফেন্স ষ্টাফ কলেজলৈ। ৰাৱটে সেই কলেজ পৰিদৰ্শন কৰাৰ কথা আছিল।

এমআই-১৭-ভি-৫ৰ বৈশিষ্ট্য অনুসৰি এই হেলিকপ্টাৰখন একমাত্র অধিক উচ্চতাত উৰিবলৈ অসুবিধাত পৰে। ইয়াৰ বাহিৰে যি কোনাে ধৰণৰ ভৌগােলিক অঞ্চললৈ এই হেলিকপ্টাৰৰ সহজ যাতায়াত।

ৰাৱটৰ হেলিকপ্টাৰখন যত ভাঙি পৰিছিল, সেই ঠাইৰ উচ্চতা অৱশ্যে বৰ বেছি নাছিল বুলিয়ে সেনাৰ সূত্ৰই জনাইছে। ৰাৱটৰ হেলিকপ্টাৰত মুঠ ১৪জন আৰােহী আছিল।

সাধাৰণ হেলিকপ্টাৰৰ তুলনাত এই সংখ্যাটো বেছি। অৱশ্যে ‘ভি-৫’ হেলিকপ্টাৰে সৰ্বাধিক ২৪জন আৰােহীক বহন কৰিব পাৰে। ইয়াৰ ওজন বহনৰ ক্ষমতা হৈছে সাত হেজাৰ কেজি।

চাৰি হেজাৰ কেজি ভিতৰত আৰু তিনি হেজাৰ কেজি বাহিৰত উলমাই বহন কৰি নিব পাৰে ‘ভি-৫’ হেলিকপ্টাৰে। এই ধৰণৰ হেলিকপ্টাৰত ক্রু সদস্য থাকে তিনিজন।

পাইলট, কো-পাইলট আৰু ফ্লাইট ইঞ্জিনীয়াৰ। ইয়াৰ উপৰি অতিৰিক্ত নিৰাপত্তাৰ কথা ভাবি অট’ পাইলট ছিষ্টেমৰ ব্যৱস্থাও থাকে ‘ভি-৫’ত।

অৱশ্যে কি ধৰণৰ প্রযুক্তিগত সমস্যাৰ বাবে ৰাৱৰ হেলিকপ্টাৰখন ভাঙি পৰিল বা অট’ পাইলট ছিষ্টেমে কিয় কাম নকৰিলে, সেইবােৰ প্ৰশ্নৰ এতিয়াও অজ্ঞাত।

এই ৰুছ হেলিকপ্টাৰখন ২০১৩ৰ পৰাই ভাৰতীয় সেনাবাহিনীত আছে। অৱশ্যে তাৰ বহু আগৰে পৰাই ‘ভি-৫’ৰ পূর্ব সংস্কৰণ ‘এমআই-৮’ ভাৰতীয় সেনাবাহিনীৰ কমবেট ফ’ৰ্চৰ ভৰসা হৈ আহিছে।

বিশ্বত সবাতােকৈ বেছি নির্মাণ হয় ‘এমআই-৮’হেলিকপ্টাৰ। তাৰেই আধুনিক ৰূপ হৈছে ‘এমআই-১৭’। বহুমুখী কামত সক্ষম এই হেলিকপ্টাৰক প্ৰয়ােজনত সশস্ত্রও কৰিব পাৰি।

ভি-৫’ৰ বাহিৰফালে ডেৰ হেজাৰ কেজি ওজনৰ অস্ত্র সংস্থাপন কৰিব পাৰি। আনকি আকাশৰ পৰা আকাশলৈ প্ৰক্ষেপ কৰিব পৰা টেংক ধ্বংসকাৰী ক্ষেপণাস্ত্রও বহন কৰিব পাৰে এই হেলিকপ্টাৰখনে।

ইয়াৰ উপৰি ‘এমআই-১৭-ভি-৫ হেলিকপ্টাৰত ছেটার্ণ ভি ক্ষেপণাস্ত্র, এছ-৮ ৰকেট, ২৩ এমএম মেচিনগান, পিকেটি মেচিনগান,একেএম ছাব মেচিনগানাে থাকে। যুদ্ধৰ গধূৰ অস্ত্র বহন কৰাৰ সমান্তৰালকৈ এই হেলিকপ্টাৰে সেনাৰ বাবে গাড়ীও উৰাই নিব পাৰে।

সেইবাবেই ভাৰতীয় সেনাবাহিনীয়ে ‘এমআই-১৭-ভি-৫’ৰ ওপৰত সততে ভৰসা কৰি আহিছে। ২০০৮ত ৰাছিয়াৰ কাজান হেলিকপ্টাৰ কোম্পানীয়ে এই হেলিকপ্টাৰ নিৰ্মাণৰ ঠিকা লাভ কৰে।

২০১১ৰ পৰা ২০১৩ৰ ভিতৰত এই ৰুছ কোম্পানীটোৱে ৩৬খন হেলিকপ্টাৰ ভাৰতলৈ সৰবৰাহ কৰে। ২০১৩ত মাওবাদী দমন অভিযান ‘অপাৰেচন গ্রীণ হান্ট’ত ‘ভি-৫ ‘হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল।

এই হেলিকপ্টাৰৰ ককপিট সম্পূৰ্ণৰূপে কাচেৰে তৈয়াৰী। নিশাৰ দৃশ্যমানতাৰ বাবে আছে বিশেষ নাইট ভিজন’ প্রযুক্তি। ইয়াৰ উপৰি এই বিশেষ হেলিকপ্টাৰত আছে অনব’র্ড ৰেডাৰ, বিশেষ এভিয়নিক ছুট, আনকি আগতীয়াকৈ বিপদ সংকেত প্ৰেৰণ কৰা ‘কিৱিং ছিষ্টেম’ও আছে।

প্রধানকৈ পৰিবহণ হেলিকপ্টাৰৰূপে পৰিচিত ‘ভি-৫’ৰ নিৰাপত্তাতাে কঠোৰ ব্যৱস্থা আছে। সেনাবাহিনীৰ সকলাে হেলিকপ্টাৰৰ ভিতৰত সর্বাধিক নিৰাপদৰূপে চিহ্নিত ‘ভি-৫’ৰ সকলােখিনি নিৰাপত্তাৰ বৰ্মৰে আবৰা।

আনকি ইয়াৰ ইন্ধনৰ টেংকীৰ চাৰিওফালেও আছে সুৰক্ষাৰ আবৰণ। পলিঅৰিন ফ’মেৰে ভৰা এই বহিসুৰক্ষা আৰণে ইন্ধনৰ টেংকীক বিস্ফোৰণৰ পৰা ৰক্ষা কৰে। তৎসত্ত্বেও দুর্ঘটনাৰ লগে লগে ইন্ধনৰ টেংকী বিস্ফোৰিত হৈ হেলিকপ্টাৰখন নিমিষতে অগ্নিদগ্ধ হয়।

ইমানবােৰ আগতীয়া সুৰক্ষাত্মক ব্যৱস্থা সত্ত্বেও কি যান্ত্রিক বিজুতিৰ ফলত সেনা সর্বাধিনায়কজনৰ হেলিকপ্টাৰখন দুর্ঘটনাগ্রস্ত হ’ল, এতিয়াই সেয়াই ৰহস্যৰ বিষয় হৈ পৰিছে।

Exit mobile version