ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত শোণিতপুৰৰ শিশু বিজ্ঞানী

IMG 20211209 WA0017

দেশৰ শিক্ষাৰ্থী সকলক বৈজ্ঞানিক দৃষ্টিভঙ্গী সম্পন্ন কৰি গঢ়ি তুলিবলৈ দেশৰ শিক্ষা বিভাগে প্ৰতি বছৰেই আয়োজন কৰি অহা শিশু বিজ্ঞান সমাৰোহত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈ শোণিতপুৰৰ ছবিলাল উপাধ্যায় মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰাহুল মুৰাই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

ছাত্ৰজনৰ এনে সাফল্যত বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰছাত্ৰী সকলৰ লগতে উৎফুল্লিত হৈছে জিলা শিক্ষা বিভাগ৷ উল্লেখ্য যে, ৰাহুল মুৰা নামৰ মেধাৱী ছাত্ৰ গৰাকীয়ে নিজৰ চমকপ্ৰদ উদ্ভাৱনী শক্তিৰে খলিহামাৰী-চিতলমাৰী আৰু লালেটাপু অঞ্চলত ‘পশু চৰোৱা চাপৰ মূল্যাংকন’ শীৰ্ষক বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰে গুৱাহাটীৰ পৰা অনলাইনৰ জৰিয়তে অনুষ্ঠিত হোৱা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশ গ্ৰহণ কৰি নিম্ন শাখাত প্ৰথম স্থানেৰে ‘খগেন্দ্ৰনাথ ব্ৰহ্ম সোঁৱৰণী শিশু বিজ্ঞানী বঁটা’ লাভ কৰি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱাত তেজপুৰত শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তৰুণ চন্দ্ৰ বৰাৰ লগতে জিলা সমাৰোহ সমিতিয়ে বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে৷

উল্লেখ্য যে, জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা এই শিশু বিজ্ঞানী গৰাকীৰ সহযোগী আছিল অমিত গৌতম আৰু তত্ত্বাবধায়ক আছিল বিগত বৰ্ষত শিশু বিজ্ঞানী হিচাপে পুৰস্কৃত তেজপুৰৰ ছেইণ্ট যোচেফ কনভেণ্টত উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হিবাহ আয়েস্কা৷

শোণিতপুৰৰ শিশু বিজ্ঞান সমাৰোহৰ জিলা সমন্বয়ক তথা তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিপজ্যোতি শইকীয়া আৰু জিলা শৈক্ষিক সমন্বয়ক তথা জামুগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিস্মিতা শৰ্মাৰ নেতৃত্বত এই শিশু বিজ্ঞানী গৰাকীয়ে আৰ্হি প্ৰকল্পৰে ৰাজ্যিক প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল৷

Exit mobile version