Bipin Rawat Chopper Crash : কি হৈছিল সেনাৰ অভিশপ্ত হেলিকপ্টাৰখনত ? দুৰ্ঘটনাত পতিত হোৱাৰ আগ মুহূর্তৰ ভিডিঅ’ ভাইৰেল

samayam tamil

বুধবাৰে বিয়লি ১২-৪০ বজাত তামিলনাডুৰ কুন্নুৰত নীলগিৰিত চাহ বাগানৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাৰ হেলিকপ্টাৰ । হেলিকপ্টাৰখনত জেনেৰেল বিপিন ৰাৱতসহ তেওঁৰ পত্নী আৰু ১১ জন সেনাই যাত্ৰা কৰিছিল । দুর্ঘটনাত হেলিকপ্টাৰত যাত্ৰা কৰা ১৪ জনৰ ভিতৰত ১৩ জনৰেই মৃত্যু হৈছে । সম্প্ৰতি গ্রুপ কেপ্টেইন বৰুণ সিং ৱেলিংটনৰ সেনা হাস্পাতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

কুন্নুৰৰ কিছুসংখ্যক বাসিন্দাই হেলিকপ্টাৰ দুর্ঘটনাৰ দৃশ্য কেমেৰাত বন্দী কৰি সংবাদ মাধ্যমত ‌শ্বেয়াৰ কৰিছে । এইবাৰ প্রকাশ্যত আহিৱ জেনেৰেল ৰাৱতৰ হেলিকপ্টাৰৰ দুর্ঘটনাত পৰাৰ ঠিক আগ মুহূর্তৰ ভিডিঅ’ । ভিডিঅ’টোত দেখা গৈছে, ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ।

ইপিনে, বৃহস্পতিবাৰে সন্ধিয়া তামিলনাডুৰ ছুলুৰ বিমানঘাটিৰ পৰা বায়ুসেনাৰ বিশেষ বিমানত জেনেৰেল ৰাৱত, তেওঁৰ পত্নী মধুলিকা আৰু বীৰ সেনাসকলৰ নশ্বৰ দেহ দিল্লীলৈ অনা হ’ব । শুকুৰবাৰে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।

Exit mobile version