Bipin Rawat Death : দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰৰ ‘ব্লেক বক্স’ উদ্ধাৰ

Rawat chooper1

বিপিন ৰাৱটৰ হেলিকপ্টাৰৰ ‘ব্লেক বক্স’ উদ্ধাৰ । বৃহস্পতিবাৰে পুৱাই তামিলনাডুৰ কুন্নুৰত দুর্ঘটনাস্থলৰ পৰা কিছু দূৰত্বত বক্সটো উদ্ধাৰ হৈছে ।

‘ব্লেক বক্স’ বা বিমানৰ ‘ফ্লাইট ডেটা ৰেকর্ডাৰ’এ উৰনৰ গুৰুত্বপূর্ণ তথ্য আৰু ককপিটৰ কথাবার্তা ৰেকর্ড কৰে । দেশৰ প্রথম সেনা সর্বাধিনায়কৰ কপ্টাৰ দুর্ঘটনাগ্রস্ত হোৱাৰ আগতে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল, সেয়া এই ‘ব্লেক বক্স’ পৰীক্ষা কৰি জানিব পৰা যাব বুলি অনুমান কৰা হৈছে ।

বুধবাৰে বিয়লি কপ্টাৰখন দুর্ঘটনাৰ কবলত পৰাৰ পাছৰ পৰাই ব্লেক বক্সৰ সন্ধান চলাইছিল উদ্ধাৰকাৰীসকলে । দুর্ঘটনাস্থলীৰ পৰা ৩০০ মিটাৰ পৰিধি পৰ্যন্ত বক্সটোৰ সন্ধান পোৱা নাযায় । পাছত তালাচীৰ পৰিধি বঢ়াই এক কিলোমিটাৰ কৰা হয়‌ । ইয়াৰ পাছতেই বৃহস্পতিবাৰে পুৱা সন্ধান ওলায় ব্লেক বক্সৰ ।

বুধবাৰে বিয়লি কুন্নুৰত নীলগিৰি পাহাৰৰ এখন চাহ বাগিচাৰ ওচৰৰ জংঘলত পৰি আছিল ৰাৱটৰ হেলিকপ্টাৰখন । তেওঁৰ লগত হেলিকপ্টাৰখনত যাত্ৰা কৰিছিল তেওঁৰ পত্নী মঞ্জুলিকাসহ ১২ জন‌ । তেওঁলোকৰ ভিতৰত ১৩ জনৰ ঘটনাস্থলতেই মৃত্যু হয় । ইয়াৰ পাছতেই প্রশ্ন উত্থাপিত হয় ৰুছ কপ্টাৰ এমআই১৭ ভি৫-ৰ নিৰাপত্তাক লৈ ।

দেশৰ ভিভিআইপি বা বিশেষ গুৰুত্বপূর্ণ ব্যক্তিত্বসকলৰ পৰিবহণৰ বাবে ব্যবহাৰ কৰা হয় এই কপ্টাৰ । ইয়াৰ নিৰাপত্তা ব্যৱস্থাও অন্য কপ্টাৰৰ তুলনাত অধিক । প্রাথমিক তদন্তত কুঁৱলীৰ বাবে দুর্ঘটনা সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে যদিও ব্লেক বক্সটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

Exit mobile version