কে’বাখনো ম’বাইল ছিমকাৰ্ড থাকিলে কৰ্তন কৰিব সংযোগ

GettyImages 1136195966

আপোনাৰ নামত নখনতকৈ অধিক ম’বাইল ‌ছিমকাৰ্ডৰ সংযোগ আছে নেকি ? তেন্তে বিচ্ছিন্ন কৰা হ’ব আপোনাৰ ম’বাইল ফোনৰ সংযোগ । এনে নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰীয় টেলিকমিউনিকেচন বিভাগে । অৱশ্যে জম্মু-কাশ্মীৰ, উত্তৰ-পূব ভাৰতসহ অসমৰ ক্ষেত্ৰত সৰ্বাধিক ছিমকাৰ্ডৰ সংখ্যা ছখন নিৰ্ধাৰণ কৰা হৈছে ।

নতুন নিৰ্দেশনা অনুসৰি, যিসকল ব্যক্তিৰ নিৰ্ধাৰিত পৰিমাণতকৈ অধিকসংখ্যক ছিমকাৰ্ড আছে, তেওঁলোকে পুনৰ প্ৰয়োজনীয় সকলো তথ্যপাতি জমা দি পৰীক্ষণ কৰাব লাগিব । এনে ব্যক্তিৰ ছিমকাৰ্ডৰ তথ্যপাতি পৰীক্ষণৰ পাছতহে সেই ছিমকাৰ্ড সক্ৰিয় কৰি ৰখা হ’ব ।

পৰীক্ষণ নকৰা ছিমকাৰ্ডসমূহৰ সংযোগ বিচ্ছিন্ন কৰা হ’ব । অৰ্থিক দুৰ্নীতি, ভুৱা ফোনকল, চাৰিবাৰ অপৰাধ, জালিয়াতিৰ দৰে সমস্যাসমূহৰ শ ৰোধ কৰাৰ উপায় হিচাপে কেন্দ্ৰীয় টেলিকম বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Exit mobile version