ফুলৰ খেতিৰে জীৱন নিৰ্বাহ কুসুমবিল গাঁৱৰ অৰ্ধ শতাধিক পৰিয়ালৰ

বজাৰত নিৰ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰাৰ দাবী কৃষকৰ

Screenshot 261

কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰী ৰাজহ চক্ৰৰ কুসুমবিল নামৰ এখন বিশেষ গাঁও‌ । গাঁওখনৰ বিশেষ পৰিচয় আৰু বিশেষত্ব আছে ।‌ দুই নং কুসুমবিল গাঁৱত ফুলৰ খেতি‌ কৰা হয় । আন শস্যৰ দৰে গাঁৱৰ পৰিয়ালসমূহে বিঘাই বিঘাই ফুলৰ খেতি কৰে । দেশ-বিদেশৰ ফুল আৰু গছ পুলিৰ সমাহাৰ গাঁওখনত । গাঁওখনৰ অৰ্ধ শতাধিক পৰিয়াল ফুল খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে ।

গাঁওখনৰ অন্যান্য ফুল খেতিয়কৰ দৰে নিৰঞ্জন বৰ্মণে চাৰি বিঘাৰো অধিক ফুল খেতি কৰিছে । ইয়াত ডালিয়া, গেলেডুলাছ, পিটনিয়া, এছটা, চন্দ্ৰ মল্লিকা, মেৰী গোল্ড, জিনীয়া, চেলচিয়া, বাটাৰ ফ্লাই, ৰক্ত গেন্ধা আদি ফুল আৰু ফুলৰ গছপুলি আছে । এই ফুলৰ লগতে গছপুলিসমূহ অসমৰ, ধেমাজি, গুৱাহাটী, লক্ষ্মীমপুৰ, বাংলাদেশ, ভূটান, পশ্চিমবংগলৈ সৰবৰাহ কৰি আহিছে ।

ফুলৰ খেতি কৰি স্বাৱলম্বী গাঁওখনৰ খেতিয়ক । কিন্তু ভাৰত স্বাধীনতাৰ ৭৫ বছৰ পাছতো ফুল খেতিয়কসকলৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি নপৰিল । খেতিয়কসকলে ফুল বিক্ৰী কৰিবলৈ গ’লে বজাৰত বিভিন্ন ককৰ্থনাৰ সন্মুখীন হ’বলগীয়াও হয় । সেয়ে কৃষকসকলে তেওঁলোকৰ সুবিধাৰ্থে বজাৰত নিৰ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ।

Exit mobile version