বিশ্বৰ তৃতীয়খন ব্যয়বহুল বিবাহ বিচ্ছেদ হ’ব সম্পন্ন

ৰুছ উদ্যোগপতিয়ে প্ৰাক্তন পত্নীক আদায় দিব লাগিব ৫৪০০ কোটি টকাৰ ক্ষতিপূৰণ

587546 1

ৰাছিয়াৰ দ্বিতীয়জন সবাতোকৈ ধনাঢ্য ব্যক্তি তথা উদ্যোগপতি ভ্লাডিমীৰ পটানিনে বিবাহ বিচ্ছেদৰ বাবদ প্ৰাক্তন পত্নীক বৃহৎ পৰিমাণৰ বিত্তীয় ক্ষতিপূৰণ আদায় দিব লগা হ’ব পাৰে । এমেজনৰ মুৰব্বী জেফ বেজ’ছ আৰু মাইক্ৰ’ছফটৰ প্ৰতিষ্ঠাপক বিল গেটছৰ পাছত বিশ্বত অচিৰে সম্পন্ন হ’ব পাৰে তৃতীয়খন অতি ব্যয়বহুল বিবাহ বিচ্ছেদ ।

দৰাচলতে ৰুছ উদ্যোগপতি ভ্লাডিমীৰৰ প্ৰাক্তন পত্নী নাটালিয়া পটানিনে লণ্ডনৰ এখন আদালতৰ শুনানিত অংশ লোৱাৰ সময়ত প্ৰাক্তন স্বামীৰ কোম্পানীৰ ব্যৱসায়ৰ ৫০ শতাংশ অংশৰ স্বত্ব দাবী কৰিলে । নাটালিয়াই দাবী কৰা এই স্বত্ব প্ৰদান কৰিব লাগিব ।

উল্লেখ্য যে ভ্লাডিমীৰে ৰাছিয়াৰ উপপ্ৰধানমন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছিল । সম্প্ৰতি তেওঁ ‘ফ’ৰ্বছ’ৰং বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত ৫৫ স্থানত আছে ।

Exit mobile version