আমিষ নিষেধাজ্ঞাক লৈ আহমেদাবাদ পৌৰসভাক ধমক উচ্চ ন্যায়ালয়ৰ

TU1636988143610

গুজৰাটৰ ভদোদৰা আৰু ৰাজকোটত পথৰ দাঁতিত থকা বিপণী আৰু ৰেস্তোৰাঁক কণীসহ বিভিন্ন আমিষ খাদ্য ঢাকি ৰাখিবলৈ নির্দেশ দিয়া হৈছিল।

ADVERTISEMENT

ইয়াৰ পাছতে আহমেদাবাদতাে আমিষ খাদ্য ঢাকি ৰাখিবলৈ প্রশাসনে নির্দেশ দিছিল। আহমেদাবাদ পৌৰসভাৰ এনে নির্দেশনাৰ বিৰুদ্ধে আদালতত গােচৰ তৰা হৈছিল আৰু এই গােচৰৰে শুনানিত পৌৰসভাক ধমক দিলে গুজৰাট উচ্চ ন্যায়ালয়ে।

আদালতে পৌৰসভাক প্রশ্ন কৰি কয়,’মানুহে কি খােৱা উচিত, আপুনি কিদৰে এই বিষয়ত সিদ্ধান্ত ল’ব পাৰিব?

হঠাতে ক্ষমতাত থকা কোনােবাই নিজৰ ইচ্ছা মতে সিদ্ধান্ত ল’ব পাৰে নেকি? কাইলৈ আপুনি নির্ণয় কৰিব আমি আমাৰ ঘৰৰ বাহিৰত কি খাম?

আপােনালােকে ক্ষমতাত থকা চৰকাৰৰ নিৰ্দেশত কাম কৰিছে? তেন্তে কাইলৈ আপােনালােকে আমাক ক’ব যে কুঁহিয়াৰৰ ৰস পান নকৰিব, কিয়নাে মধুমেহ হ’ব পাৰে। অথবা কফি খাবলৈকো বাধা দিব পাৰে কিয়নাে ই শৰীৰৰ বাবে ক্ষতিকাৰক?’

উল্লেখ্য যে আমিষ খাদ্য মুকলিকৈ বিক্রী কৰাত পৌৰসভাই আৰােপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে ২০ জন লােকে গুজৰাট উচ্চ ন্যায়ালয়ত অভিযােগ দাখিল কৰিছিল।

Exit mobile version