ভিকি কৌশলে কেটৰিণাক দিয়াৰ আঙুঠিৰ মূল্য শুনি আপুনিও হ’ব আচৰিত

kayu

ৰাজস্থানৰ যােধপুৰত সম্পন্ন হ’ল বলিউড অভিনেতা যুগল ভিকি কৌশল আৰু কেটৰিনা কাঈফৰ বহুচর্চিত বিবাহ।

ADVERTISEMENT

অতি আড়ম্বৰপূৰ্ণ এই বিবাহৰ আয়ােজনে বিগত এসপ্তাহৰাে অধিক ধৰি সংবাদ মাধ্যমত বিশেষ চাঞ্চল্য সৃষ্টি কৰি আহিছিল।

বিবাহপর্ব বৃহস্পতিবাৰে নিশা সম্পন্ন হােৱাৰ পাছত সামাজিক মাধ্যমত বিবাহৰ ফটো পষ্ট কৰি বিয়াৰ আনুষ্ঠানিক ঘােষণা কৰিলে নৱ দম্পতীয়ে।

বিখ্যাত ফেশ্বন ডিজাইনাৰ সব্যসাচীয়ে তৈয়াৰ কৰা পােছাক পৰিধান কৰি বৈবাহিক নীতি-নিয়মৰ আনুষ্ঠানিকতা পালন কৰিলে ভিকি-কেটৰিনাই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভিকিয়ে কেটৰিনাক এটা হীৰাখচিত প্লেটিনামৰ আঙঠি পিন্ধাই পত্নীবৰণ কৰে।

টিফানি এণ্ড কোঙৰ এই ব্ৰেণ্ডেড আঙঠিৰ মূল্য আছিল ৯,৮০০ ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত সাত লাখ ৪১ হেজাৰ টকা।

একেদৰে কেটেও ভিকিক টিফানিৰ এটা আঙঠি পিন্ধাই দিছিল আৰু এই আঙঠিৰ মূল্য আছিল ১,৭০০ ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত এক লাখ ২৮ হেজাৰ ৫৮০ টকা।

Exit mobile version