সন্তানৰ বিয়া ধুমধামেৰে পাতিবলৈ সকলাে পিতৃ-মাতৃৰে আকাংক্ষা থাকে। সকলাে পিতৃ- মাতৃয়েই বিচাৰে যাতে সন্তানৰ বিবাহ উৎসৱ সকলাে অভ্যাগতৰ দীর্ঘদিনলৈ মনত থাকে।
অৱশ্যে গুজৰাটৰ এজন ব্যৱসায়ীয়ে পুত্ৰৰ বিবাহ স্মৰণীয় কৰি ৰখাৰ বাবে যি কাণ্ড কৰিলে, সেয়া দেখি বহুতৰে চকু কপালত উঠিছে। কাৰণ ব্যৱসায়ীজনে আত্মীয় তথা ঘনিষ্ঠজনলৈ বিয়াৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিলে বাকচত ভৰায়।
গুজৰাটৰ ব্যৱসায়ী মৌলেশভাই উকানিয়ে নিমন্ত্ৰণী পত্র ভৰাই অতিথিলৈ প্রেৰণ কৰা বাকচটোৰ ওজন হৈছে চাৰি কেজি ২৮০ গ্রাম।
যােৱা ১৪ নৱেম্বৰত ব্যৱসায়ীজনৰ পুত্র জয় উকানিৰ স’তে সােণালবেন উকানিৰ বিবাহ সম্পন্ন হয়। সেই বিবাহৰ তিনি সপ্তাহৰ পাছতাে অভ্যাগতসকলৰ আলােচনাৰ বিষয়বস্তু হৈ আছে সেই গুলপীয়া বাকচত ভৰােৱা নিমন্ত্ৰণী পত্ৰখন।
সেই বাকচৰ ভিতৰত ৰখা হৈছিল আন চাৰিটা সৰু আকৃতিৰ বাকচ। তাত আছে কাজুবাদাম, পিষ্টা, কিছমিছ আৰু চকলেট। তাৰ লগত দিয়া হৈছে সাত পৃষ্ঠাযােৰা বিয়াৰ নিমন্ত্রণী পত্র।
সেই প্রতিটো বাকচৰ মূল্য হৈছে সাত হেজাৰ টকা। উল্লেখ্য যে কেৱল বিয়াৰ কাৰ্ডৰ বিলাসেই নহয়, ব্যৱসায়ীজনে পুত্ৰৰ বিয়া আয়ােজন কৰিছিল উমায়েদ ভৱন পেলেচত।
উমায়েদ ভৱন পেলেচ হৈছে দেশৰ সবাতােকৈ ব্যয়বহুল হােটেলসমূহৰ অন্যতম। হােটেলখনত প্রতি নিশাৰ বাবদ খৰচ হয় দুই- তিনি লাখ টকা। আনহাতে, এক প্লেট খাদ্যৰ দাম ১৮ হেজাৰ টকা।