সুৰাপানতো আছে বিশ্ব অভিলেখ:এই কেইখন দেশৰ লোকে কৰে সৰ্বাধিক সুৰাপান

c2b88ace dc72 4f63 9de6 f567e14de4f4

সুৰাপানত কোন দেশ কিমান আগ্রহী সেয়া কৰ’না প্ৰতিৰােধৰ বাবে আৰােপ কৰা তলাবন্ধৰ সময়তে স্পষ্ট হৈছিল। সম্প্রতি সুৰাপানৰ বিষয়ত এটা সমীক্ষা চলােৱা হৈছিল।

এই সমীক্ষাত বিশ্বৰ সবাতােকৈ অধিক সুৰাপান কৰা দেশক চিনাক্ত কৰা হৈছিল। সেই সমীক্ষাত এটা কথা স্পষ্ট হৈছিল যে ক’ভিডৰ তলাবন্ধত সুৰাৰ চাহিদা বৃদ্ধি কেৱল ভাৰততে নহয়, সমগ্র বিশ্বতে সুৰাৰ প্রচলন এই সময়ত বহু বৃদ্ধি পাইছিল।

আন্তর্জাতিক সংস্থাৰ নিৰিখত বিশ্বব্যাপি চলােৱা সমীক্ষা অনুসৰি, বছৰি প্রায় ২৭ বাৰ মাতাল হৈছিল অষ্ট্রেলিয়াৰ নাগৰিক। এই সংখ্যাটো সমগ্র বিশ্বৰ, নিৰিখত প্রায় দুগুণ।

সমীক্ষাত অষ্ট্রেলিয়াৰ পুৰুষে ৩০ বাৰ আৰু মহিলাই ২১ বাৰ সুৰাপান কৰাৰ কথা প্রকাশ কৰিছে। অষ্ট্রেলিয়াৰ বাসিন্দাসকলৰ ২৪ শতাংশই স্বীকাৰ কৰা অনুসৰি তেওঁলােকে বিভিন্ন অনুষ্ঠানত সুৰাপান কৰি মাতাল হৈছিল।

প্রসংগত উল্লেখ্য যে সমগ্র বিশ্বত অতিৰিক্ত সুৰাপান কৰি বেহুচ হােৱাৰ ঘটনা বছৰি গড়ে প্রায় ১৫ বাৰ হৈছিল। সমীক্ষাৰ মতে, বিশ্বৰ ভিতৰতে সর্বাধিক সুৰাপান কৰে অষ্ট্রেলিয়াৰ নাগৰিকে।

সুৰাপানৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছে বেলাৰুছৰ নাগৰিকো। বেলাৰুছত সর্বাধিক প্রচলিত সুৰা হৈছে ক্রামবামবুলা। লগতে বিয়েৰ, ৱাইন, হুইস্কীও বেলাৰুছত সমানে জনপ্রিয়। বেলাৰুছৰ নাগৰিকে বছৰি গড়ে ১৭.৫ লিটাৰ সুৰাপান কৰে।

সুৰাপানৰ এই তালিকাৰ তৃতীয় স্থানত আছে মলডােভা গণৰাজ্য। মলডােভাৰ নাগৰিকে বছৰি গড়ে ১৬.৮ লিটাৰ সুৰাপান কৰি আহিছে। সুৰাপানৰ পৰিণতিত দেশখনত ।

মৃত্যুৰ হাৰ হৈছে ৩৩.১ শতাংশ। ফ্রান্স নাগৰিকে বছৰি গড়ে ১৩২ গিলাচতকৈ অধিক সুৰাপান কৰে। ইয়াৰ পাছতে আছে নিউজিলেণ্ড। তালিকাত নাম আছে । ডেনমার্ক আৰু ছুইডেনৰাে।

এই দুই দেশৰ নাগৰিকে বছৰি গড়ে, ২৩.৮ বাৰ সুৰাপান কৰি আহিছে। ইয়াৰ পাছতে সর্বাধিক সংখ্যক সুৰাপায়ী আছে লিথুয়ানিয়াত। এই দেশৰ নাগৰিকে বছৰি গড়ে ১৫.৪ লিটাৰ সুৰাপান কৰে। এই দেশৰ জাতীয় পানীয় হৈছে মিডাছ মেড।

দেশৰ ৪৬ শতাংশ নাগৰিকে বিয়েৰ পান কৰে। সুৰাপানৰ ক্ষেত্ৰত ৰাছিয়ান সকলাে যথেষ্ট আগবঢ়া। ৰাছিয়াৰ বাসিন্দাই বছৰি গড়ে ১৫.১ লিটাৰ সুৰাপান কৰে। ৰাছিয়াত সর্বাধিক প্রচলিত সুৰাবিধ হৈছে ভড্কা।

সুৰাপানৰ ফলত দেশখনত মৃত্যুৰ হাৰ হৈছে ৩০.৫ শতাংশ। ৰােমানিয়াও সুৰাপানৰ ক্ষেত্ৰত বহু আগবাঢ়ি আছে। দেশবাসীয়ে বছৰি গড়ে ১৪.৪ লিটাৰ সুৰাপান কৰি আহিছে। ইউক্রেনাে সুৰাপানত পিছ পৰি থকা নাই। এইখন দেশৰ নাগৰিকে গড়ে, বছৰি ১৩.৯ লিটাৰ সুৰাপান কৰে।

এণ্ড’ৰাতাে সুৰাৰ প্ৰচলন যথেষ্ট আছে। দেশখনৰ নাগৰিকে, গড়ে বছৰি ১৩.৮ লিটাৰ সুৰাপান কৰে। এই দেশৰ ৪৫ শতাংশ লােকে ৱাইন পান কৰিবলৈ ভাল পায়। ৩৫ শতাংশ নাগৰিকৰ প্রিয় সুৰা হৈছে বিয়েৰ।

সবাতােকৈ অধিক সুৰাপান কৰা দেশৰ তালিকাত তলৰ ফালে আছে চেক গণৰাজ্য। এই দেশত সর্বাধিক প্রচলিত সুবিধ হৈছে বেচেৰ’ভকা। চেক গণৰাজ্যৰ নাগৰিকে বছৰি গড়ে ১৩.১ লিটাৰ সুৰাপান কৰে। দেশখনৰ ৫৪ শতাংশ নাগৰিকৰ প্রিয় সুৰা হৈছে বিয়েৰ। ২০ শতাংশ চেক নাগৰিকে ৱাইন পান কৰে।

Exit mobile version