Foot Care Tips: ভৰি ফাটিছে ?ব্যৱহাৰ কৰক পিয়াঁজৰ এইবিধ মিশ্ৰণ

শীতকালমানে ছালৰ অতিৰিক্ত যত্ন লোৱা।শীতকালত ছালৰ ৰুক্ষতাৰ লগতে ভৰি ফটাৰ সমস্যাত ভোগে বহুতো । ইয়াৰ কাৰণ হৈছে বতৰৰ পৰিৱৰ্তন আৰু বতাহ ।

এই সময়ত ভৰিৰ যত্ন ল’বলৈ বহুলোকে বহু ধৰণৰ চেষ্টা চলাই । মোজা ব্যৱহাৰ কৰে, ভৰিত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰে, ইত্যাদি

কিন্তু ইমান খিনি কৰাৰ পাছতো এই সমস্যাৰ সমাধান নাপায়। কিন্তু এই ক্ষেত্ৰত ভৰি ফটা সমস্যাৰ পৰা শীঘ্ৰেই মুক্তি দিব পাৰে পিঁয়াজে ।

পিয়াজত আছে প্ৰচুৰ পৰিমাণে ফছফৰাছ, জিংক, মেগনেছিয়াম আৰু আয়ৰন। ভিটামিন ই আৰু চি সমৃদ্ধ পিয়াজ ছালৰ যত্নত যথেষ্ট কাৰ্যকৰী। পিঁয়াজত থকা ভিটামিন চি-য়ে ছালৰ আৰ্দ্ৰতা বজাই ৰাখে।

পিঁয়াজে ভৰিৰ যত্ন কেনেদৰে লয়?

পিঁয়াজখিনিৰ এটা মিক্সিত ভালদৰে পিহি ইয়াৰ পৰা ৰসখিনি ভালদৰে উলিয়াই লওক। পিঁয়াজৰ ৰসত এক চামুচ মৌ আৰু জলফাই তেল মিহলি কৰক আৰু ইয়াক ফাটি যোৱা গোৰোহাৰ স্থানত প্ৰয়োগ কৰক আৰু এই মিশ্ৰণ ১০ ৰ পৰা ১৫ মিনিটৰ বাবে এৰি দিয়ক।

ভৰিত প্ৰয়োগ কৰা এই মিশ্ৰণটো পাতলকৈ শুকালে ঠাণ্ডা পানীৰে ধুই দিব। ইয়াক নিয়মীয়াকৈ সপ্তাহত তিনিৰ পৰা চাৰিবাৰ ব্যৱহাৰ কৰিলে ই যাদুৰ দৰে কাম কৰিব।

Exit mobile version