Omicron in India: দিল্লীত অ’মিক্ৰনত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ সন্ধান,

Female Doctor Covid Test 1296x728 header 1296x729 1

পুনৰ দিল্লীত সন্ধান পোৱা গ’ল অ’মিক্ৰনত আক্ৰান্তৰ । এই পৰ্যন্ত দিল্লীত বিগত এসপ্তাহত অ’মিক্ৰনত আক্ৰান্ত দ্বিতীয় জনৰ সন্ধান পোৱা গ’ল ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সতে‍্যন্দ্ৰ জৈনে যোৱা দেওবাৰে দিল্লীত প্ৰথম অ’মিক্ৰন সংক্ৰমিত ৰোগীৰ খবৰ দিছিল। আজি দিল্লী চৰকাৰে অ’মিক্ৰনত আক্ৰান্ত হোৱা দ্বিতীয় জন ৰোগীৰ বিষয়ে অৱগত কৰে। এই পৰ্যন্ত ভাৰতত অ’মিক্ৰন ৰোগীৰ সংখ্যা ৩৩ লৈ বৃদ্ধি হৈছে।

চৰকাৰী সূত্ৰ অনুসৰি, দ্বিতীয়তে আক্ৰান্ত ৰোগীজন এই সপ্তাহত জিম্বাবোৱেৰ পৰা দিল্লীলৈ আহিছিল। তেওঁ ভাৰতলৈ অহাৰ আগতে দক্ষিণ আফ্ৰিকালৈ গৈছিল।

ৰোগীজনৰ জিনম পৰীক্ষা কৰাৰ পাছত অ’মিক্ৰন সংক্ৰমণ ধৰা পৰিছিল। তেওঁক দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসালয়ত ভৰ্তি কৰোৱা ২৭ জন বিদেশী নাগৰিকৰ জিনম পৰীক্ষা কৰা হৈছে। তেওঁলোকৰ ২৫ জনৰ ৰিপৰ্ট ‘নিগেটিভ’ আহিছে। ভাৰতত, এতিয়ালৈকে, গুজৰাট, মহাৰাষ্ট্ৰ আৰু দিল্লীত অ’মিক্ৰনত আক্ৰান্ত ৰোগী ধৰা পৰিছে।

Exit mobile version