বিটিআৰৰ অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ দাবী বিদ্যালয় শিক্ষক সন্থাৰ

সদৌ বিটিআৰ অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষক সন্থাই চিৰাঙৰ ডাংতল টিলাপাৰাত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত ৰেল অৱৰোধ কাৰ্য্যসূচী লয় । আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ৰেলপথ অৱৰোধ কৰিবলৈ সক্ষম নহয় শিক্ষকসকলে । শিক্ষকসকলে অশেষ চেষ্টা চলাইয়ো বিফল হয় । আৰক্ষীয়ে শিক্ষকসকলক ৰেলপথত উঠিবলৈ নিদিয়ে । শিক্ষকসকলে অৱশেষত ৰেলপথ অৱৰোধ নকৰাকৈয়ে স্মাৰক প্ৰদান কৰিলে ।

জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য লৈ বিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ বাবে স্মাৰক প্ৰদান কৰে । বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশীকৰণ কৰিবলৈ দাবী উত্থাপন কৰে । আগন্তক বিধানসভা অধিৱেশনৰ পূৰ্বেই বিটিআৰৰ অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবী জনায় শিক্ষকসকলে ।

শিক্ষকসকলে কয় যে যিহেতু জিলা আৰক্ষী প্ৰশাসনে বাধা দিছে সেয়ে আমি শিক্ষকসকলে এইদৰে ৰেল অৱৰোধৰ বাবে আহিব নালাগিছিল কিন্তু আমি কিয় আজি আহিবলগীয়া হৈছে সেয়া চৰকাৰেও গুৰুত্ব দিব লাগে । সেয়ে ৰেল অৱৰোধ নকৰাকৈ আমি স্মাৰক প্ৰদান কৰিলো বুলি কয় শিক্ষকসকলে ।

চিৰাং জিলা সমিতি বিটিআৰ অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ভৱৰঞ্জন বসুমতাৰীৰ নেতৃত্বত এই ৰেল অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল‌।

Exit mobile version