মেষ : বন্ধু-বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব। কোনাে নভবা প্রসংগই আমনি দিব পাৰে। বিদ্যাৰ চেষ্টাত সুফল।
বৃষ : উন্নত পৰিৱেশ অনুভৱ। বিদ্যাত চিন্তিত দেখা যায়। কর্মস্থানত শুভ। আর্থিকত মধ্যম।
মিথুন : কিছু আহুকালৰ মাজেদি সদা প্রয়ােজনীয় কর্ম সম্পাদিত হ’ব। শৰীৰ ভালে নাযাব পাৰে। যােগাযােগত আশানুরূপ ফল পােৱাত কষ্ট পাব।
কর্কট :ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেৱ অশান্তি দেখা যায়। দাম্পত্যতাে তেনে আভাস আছে। শৰীৰ মধ্যম। বন্ধু-বান্ধৱৰ সংবাদত সুখ।
সিংহ : পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব। শৰীৰ পূৰ্বৰ তুলনাত শুভ। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব।
কন্যা : উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক। আনৰ ওপৰত নিৰ্ভৰ কৰা বৰ সন্তুষ্ট নহ’ব। বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। ব্যৱসায়ত মধ্যম। প্রেমত আনন্দ।
তুলা : কর্মত তৎপৰতা থাকিব। কিন্তু শৰীৰাে ভালেৰে নাযাব পাৰে। পঢ়া-শুনাতাে বেয়া নহ’ব। প্রেম-প্রীতিত উচিত কথাত বাধা। বিয়াৰ সংকেত।
বৃশ্চিক : প্রাপ্য ধন আদায়ৰ সুযােগ পাব। কর্মক্ষেত্ৰত আকস্মিক বাধা সুচিত হ’ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুফল আশা কৰিব পাৰে। প্ৰেমত আবেগ।
ধনু :জ্ঞাতি-কুটুম্বৰ বাবে কোনােৰ মনত সন্দেহ হ’ব পাৰে। বন্ধুৰ সহায়। প্রেম প্রীতি চলােৱা সকলে বিবাহৰ কথা ভাবিব পাৰে। ঘৰুৱা মধ্যম।
মকৰ : আজি বহুক্ষেত্ৰত মজলীয়া ফল আশা কৰিব পাৰে। বিদ্যাতাে তদনুৰূপ। আর্থিক যােগাযােগ কৰিলে উপকৃত হ’ব পাৰে। বিদ্যাতাে কম যদিও ব্যস্ততা থাকিব।
কুম্ভ : শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্ৰভাৱ নাই। দুশ্চিন্তা থাকিব। কিন্তু সামগ্রিক ফলত কষ্ট নাপাব। দায়িত্বপূর্ণ কামত সক্রিয় সহযােগ হয়তাে দিব নােৱাৰিব। বিদ্যাত উৎসাহ।
মীন : আগবেলা কোনাে ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে পিছবেলা তাৰ কিছু আৰু লােটা ফল দেখিব। প্রয়ােজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে থাকক। শৰীৰ ভাল হলেও উদ্বেগ এৰাব নােৱাৰিব।