Disgruntled Employee : কাৰ্যালয়ৰ মুৰব্বীৰ ওপৰত খং কৰি তেলৰ ডিপুত অগ্নি সংযোগ কৰিলে কর্মচাৰীয়ে ! জ্বলি ছাই কোটি টকাৰ সম্পত্তি

1639300149 fire

থাইলেণ্ডত আজব ঘটনা । এগৰাকী মহিলাৰ বিৰুদ্ধে তেলৰ ডিপুত অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন । ঘটনাচক্রে ওই তেলৰ ডিপুতেই কৰ্মৰত মহিলাগৰাকী । তেন্তে কিয় নিজে কাম কৰা ঠাইতে জুই লগালে ? তদন্ত কৰি তাজ্জব আৰক্ষীও ! কাৰ্যালয়ৰ ওপৰত খং কৰিয়ে এই কাণ্ড কৰিলে এন শ্রিয়া নামে ৩৮ বছৰীয়া কর্মচাৰীগৰাকীয়ে । মুৰব্বীৰ ওপৰত উঠা খং দমনৰ বাবেই পুৰি ছাই কৰিলে কোটি কোটি টকাৰ সম্পত্তি ।

থাইলেণ্ডৰ নাখোন পাথোম প্রদেশত এটা তেলৰ ডিপুত কাৰ্মৰত এন শ্রিয়া । দীর্ঘদিন ধৰি কাৰ্যালয়ৰ মুৰব্বীৰ ধমক আৰু বকনিৰ বাবে শ্রিয়া অতিষ্ঠ হৈ আছিল । ২৯ নৱেম্বৰতো তেনে এক ঘটনা ঘটিছিল । পুৱা কাৰ্যালয়ত প্ৰৱেশ কৰিয়ে মুৰব্বীৰ ধমক । বিয়লি বিশ্রামৰ পাছত কামত উভতাত পুনৰ মুৰব্বী ধমক । ইয়াৰ পাছতেই শ্রিয়াৰ ধৈর্যৰ বান্ধ ছিঙে আৰু খঙত অগ্নিশৰ্মা হৈ‌ পৰে । চিচিটিভি ফুটেজত দেখা যায়, এখন কাগজৰ টুকুৰা হাতত লৈ তেলৰ গুদামৰ দিশে আগবাঢ়িছে শ্রিয়া । তাৰ কিছু সময়ৰ পাছতেই কাণ তালমৰা বিস্ফোৰণ আৰু জুইৰ লেলিহান শিখা দেখা যায় । জুইৰ প্ৰকোপ ইমানেই অধিক আছিল যে, সমগ্ৰ প্রদেশৰ পৰা আকাশত চালেই জুই দেখা গৈছিল ।

৪০টা অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনে একেলেথাৰি দুদিন চেষ্টা কৰাত জুই নিয়ন্ত্রণত আহে । অগ্নিকাণ্ডত ক্ষয়ক্ষতিৰ পৰিমাণ ভাৰতীয় মুদ্রাত কোটি টকাৰো অধিক । ইতিমধ্যে আৰক্ষীয়ে শ্রিয়াক গ্রেপ্তাৰ কৰিছে । তেওঁক সোধপোচ কৰোতেই ওলাই পৰে প্ৰকৃত ঘটনা । শ্রিয়াই জনায়, খঙৰ ভমকত কাগজত জুই লগাই তেওঁ সেইটো তেলৰ পাইপত লগাই দিয়ে । তাৰ পাছতেই ভয়ংকৰ ঘটনাটো সংঘটিত হয় !

Exit mobile version