Gold Coin : স্বাধীনতা উপলক্ষে বজাৰত আহিব ৫০ টকাৰ স্মাৰক স্বর্ণমুদ্রা, ক’ত পোৱা যাব, মূল্য কিমান

1639304997 fifty

স্বাধীনতা দিৱস উদ্‌যাপন উপলক্ষে ৫০ টকাৰ স্মাৰক স্বর্ণমুদ্রা মুকলি কৰা হ’ব বজাৰত । ২২ কেৰেট সোণেৰে তৈয়াৰ কৰা হৈছে এই মুদ্রা । যাৰ ওজন ১০ গ্রাম ।

অহা বুধবাৰৰ পৰা স্মাৰক মুদ্রাটো প্রথমে বাংলাদেশ বেংকৰ মতিঝিল কাৰ্যালয়ত পাছত অন্যান্য শাখাৰ পৰা বিক্রী কৰা হ’ব । এই তথ্য জনোৱা হৈছে বাংলাদেশ বেংকৰ তৰফৰ পৰা । মূলত স্বাধীনতাৰ স্বর্ণজয়ন্তী উদ্‌যাপন উপলক্ষ্যেই এই স্মাৰক মুদ্রা বজাৰত আনিব বাংলাদেশ বেংকে । বজাৰত এই মুদ্রাৰ মূল্য হ’ব ৬৬ হেজাৰ টকা‌ । স্মাৰক মুদ্রাটোৰ আয়তন ২৫ মিলিমিটাৰ ।

স্মাৰক মুদ্রাৰ যি ছবি প্রকাশ্যত আহিছে, তাতে দেখা গৈছে, মুদ্রাৰ ওপৰ ভাগত বাংলাদেশৰ জাতিৰ জনক বংগবন্ধু শেখ মুজিবৰ ৰহমানৰ প্রতিকৃতি অংকন কৰা আছে । তলত লিখা আছে ‘পঞ্চাশ ৫০ টকা’ । মুজিবৰৰ প্রতিকৃতিৰ ওপৰত অর্ধবৃত্তাকাৰত লিখা আছে ‘স্বাধীনতাৰ স্বর্ণজয়ন্তী ১৯৭১-২০২১‌ ।’ মুদ্রাৰ পাছফালে ইংৰাজীত লিখা হৈছে ‘৫০’‌ । শূন্যৰ ভিতৰত বাংলাদেশ বেংকৰ মনোগ্রাম আছে ‌। মনোগ্রামৰ তলত ইংৰাজীত ‘১৯৭১-২০২১’ আৰু ওপৰত অর্ধবৃত্তাকাৰত ‘গ’ল্ডেন জুবিলী অৱ ইনডিপেনডেন্টছ’ আৰু তলত ‘ফিফটি টকা’ লিখা আছে ।

Exit mobile version