অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অমৃত মহোৎসৱ

ভৈৰৱকুণ্ডত উজ্বলি উঠিল ভাৰতৰ পাঁচ ৰাজ্যৰ সাংস্কৃতিক নৃত্য

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয় আৰু ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্ৱাঞ্চল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডস্থিত ধনশ্ৰী ৰিজ’ৰ্ট প্ৰেক্ষাগৃহত “সীমান্ত এলেকা অনুষ্ঠান” শীৰ্ষক এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

আজাদী কা অমৃত মহোৎসৱৰ স’তে সংগতি ৰাখি অনুষ্ঠিত এই কাৰ্যসূচীত উত্তৰ-পূৰ্ৱাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান ৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়।

অসমৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰবিৰাম ব্ৰহ্মই আৰম্ভ কৰা এই অনুষ্ঠানত অসমৰ বিহুদল, বড়োসকলৰ বাগুৰুম্বা নৃত্য, কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য, উত্তৰাখণ্ডৰ হাৰুল আৰু তান্দ্ৰী নৃত্য, অৰুণাচলৰ টানকো নিওনি নৃত্য, মিজোৰামৰ চোলাকীয়া, কেৰেলাৰ ওপ্পানা নৃত্য প্ৰদৰ্শন কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি বিভাগৰ বিষয়া আভাৰাণী শইকীয়াই কয় যে, “অসমৰ সাংস্কৃতিক কলা কৃষ্টি বিনিময়ৰ উদ্দেশ্যৰে এই কাৰ্যসূচী হাতত লোৱা হৈছে। এনে কাৰ্যসূচীৰ জৰিয়তে সীমান্ত অঞ্চলসমূহত চুৱুৰীয়া ৰাজ্যসমূহৰ কৃষ্টি সংস্কৃতি আদান প্ৰদান কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলসমূহৰ জনসাধাৰণক বিভিন্ন কৃষ্টি সংস্কৃতিসমূহৰ বিষয়ে ধাৰণা প্ৰদান কৰিব পাৰি।”

আজিৰ এই সাংস্কৃতিক অনুষ্ঠানত ওদালগুৰি সাংস্কৃতিক উন্নয়ণ বিষয়াৰ লগতে বিভাগটোৰ আন বিষয়াসল উপস্থিত থাকে।

Exit mobile version