এটাতকৈ অধিক সন্তান জন্ম দিয়ক হিন্দুৱে, অন্যথা ৫০ কোটিলৈ হ্ৰাস পাব সংখ্যা : পৰামৰ্শ টোগাড়িয়াৰ

praveen togadia

বিশ্ব হিন্দু পৰিষদ (ভিএইচপি)ৰ প্ৰতিষ্ঠাপক প্ৰবীণ টোগাড়িয়াই কালি ফটেহপুৰত উপস্থিত হৈছিল । স্থানীয় টাম্বেশ্বৰ মন্দিৰত পূজা-অৰ্চনাৰ পাছত হিন্দু ৰক্ষা নিধি সমৰ্পন অভিযানৰ অধীনত টোগাড়িয়াই স্থানীয় লোকক সাক্ষাত কৰে আৰু হিন্দুসকলক এটাতকৈ অধিক সন্তান জন্ম দিবলৈ পৰামৰ্শ দিয়ে ।

টোগাড়িয়াই ভাষণ প্ৰসংগত কয় যে দেশৰ জনসংখ্যা ১৪০ কোটি অটুট থাকিব যদিও পৰিৱৰ্তন এয়ে হ’ব যে এশ কোটি হিন্দুৰ সংখ্যা হ্ৰাস পাই ১০ বছৰৰ পাছত ৯৫ কোটি হ’বগৈ । ইয়াৰ পাছত হিন্দুৰ সংখ্যা ৮৫ কোটি হ্ৰাস পাব আৰু ৫০ বছৰৰ পাছত দেশত হিন্দুৰ সংখ্যা ৪৫ কোটিলৈ হ্ৰাস পাব বুলি টোগাড়িয়াই মত প্ৰকাশ কৰে ।

‘১৪০ কোটিৰ জনসংখ্যাত হিন্দুৰ সংখ্যা ৫০ কোটি হ’বগৈ । হিন্দুসকলে সেয়েহে এটাতকৈ অধিক সন্তান জন্ম দিয়া জৰুৰী ।’ টোগাড়িয়াই এইদৰে কয় ।

Exit mobile version