Cumin Water Benefit : মাত্ৰ একাপ জিৰা পানী, উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি

Jeera water feature image

ৰন্ধনত গোটা জিৰা বা জিৰা গুৰি আমি সকলোৱে ব্যৱহাৰ কৰো। জিৰা মচলা হিচাপে পাকঘৰত ব্যৱহাৰ কৰা হয়।জিৰা স্বাস্থ্যৰ পক্ষে এবিধ উপকাৰী উপাদান । কিন্তু আপুনি জানেনে যে নিয়মীয়াকৈ জিৰা পানী খোৱাটোৱে সুস্বাস্থ্যত সহায় কৰে।

★ জিৰাত পৰ্যাপ্ত পৰিমাণে আইৰন থাকে। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালীত বিশেষভাৱে কাৰ্যকৰী হয়। জিৰাত ভিটামিন এ আৰু চি থাকে।

★ জিৰাত থাইমন নামৰ এক প্ৰকাৰৰ উপাদান থাকে। যি এচিডিটি, এনজাইম আৰু পিত্তথলীৰ সমস্যা দূৰ কৰাত সহায় কৰে।

★ জিৰা পানী খোৱাৰ আন এটা লাভালাভ হ’ল কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পোৱা। আপুনি দিনত দুবাৰকৈ জিৰা পানী খাব পাৰে।

★ শৰীৰৰ চৰ্বি নিঃসৰণ কৰাত জিৰা পানীয়ে এক বিশেষ ভূমিকা পালন কৰে। জিৰাৰ পানীয়ে শৰীৰৰ ওজন হ্ৰাস কৰে।

★জিৰা পানী খালে লিভাৰৰ ক্ষতিকাৰক বিষাক্ত পদাৰ্থও আঁতৰ কৰে।ফলত লিভাৰৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি কৰে।

★ ইয়াক কেনেকৈ বনাব পাৰি?

প্ৰথমে একাপ পানী গৰম কৰক আৰু সেই পানীত জিৰা দি পাঁচ মিনিটৰ বাবে উতলাওক। তাৰ পাছত সেই পানীৰ স’তে মৌ মিহলি কৰক। ৰাতি শুবলৈ যোৱাৰ আগতে আৰু ৰাতিপুৱা খালী পেটত এই জিৰা পানী খাব পাৰে।

Exit mobile version