Dairy Food : কোন দুগ্ধজাত খাদ্য‌ই কমাব পাৰে উচ্চ ৰক্তচাপৰ সমস্যা

MicrosoftTeams image 9

ভাৰতৰ অধিকাংশ লোকৰ খাদ্যত নিয়মিত দেখা পোৱা ‌খাদ্যটোৱে হৈছে দৈ । কাশ্মীৰৰ পৰা কন্যাকুমাৰী পর্যন্ত বিভিন্ন ঠাইত, ভিন্ন ভিন্নভাৱে খোৱা হয় দৈ । খাদ্য বিশেষজ্ঞসকলৰ মতে দৈ শৰীৰৰ বাবে যথেষ্ট উপকাৰী ।

এই দুগ্ধজাত দ্রব্যৰ খাদ্যগুণ প্রচুৰ, বিশেষকৈ সেই সকলৰ বাবে উপকাৰী, যিসকলৰ উচ্চ ৰক্তচাপৰ দীর্ঘস্থায়ী সমস্যাই ৰাতিৰ টোপনি কাঢ়িছে । কাৰণ দৈত এবিধ বেক্টিৰিয়া আছে, যিয়ে মূলত প্র’টিন নিঃসৰণত সহায় কৰে । তাৰ প্রভাৱতেই নিয়ন্ত্রণত থাকে ৰক্তচাপ ।

হৃদ্‌যন্ত্রত ঘটিত যিকোনো সমস্যা, উচ্চ ৰক্তচাপ, শৰীৰৰ উষ্ণতাৰ আকস্মিক বৃদ্ধি— এই সকলোবোৰ সমস্যাৰ মোকাবিলাত নিত্য ডায়েটত দৈ ৰখাৰ পৰামর্শ দিয়ে চিকিৎসকসকলে । চিকিৎসকৰ অনুসৰি, দৈয়ে হৃদ্‌ৰোগ আৰু ষ্ট্ৰ’কৰ শংকাও কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে ।

ইয়াত থকা ভিটামিন বি-১২, ফচফৰাচ, কেলছিয়ামে শৰীৰ সুস্থ ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । যি হজম আৰু প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ বিশেষভাৱে প্ৰয়োজনীয় । তদুপৰি দুশ্চিন্তা, কামৰ চাপজনিত অবসাদ হ্ৰাস কৰে দৈয়ে ।

Exit mobile version