Indian Railways : ৰেলৰ চকা কি দৰে পৰিস্কাৰ কৰা হয় ? চাওক এই ভিডিঅ’

108321596 gettyimages 1140404207 1

স্থানীয় বা দীঘলীয়া দূৰত্বৰ সকলোৰে ৰেলৰ চকা নিয়মীয়াকৈ পৰিষ্কাৰ কৰা হয় । যাত্ৰীৰ সুৰক্ষাৰ বাবে ৰেলৰ চকা পৰিষ্কাৰ হৈ থকাটো জৰুৰী । কিন্তু ৰেলৰ চকা পৰিষ্কাৰ কৰাটো একেবাৰে সহজ কাম নহয়।

ইমান দিন ধৰি ৰেলৰ চকা বিভিন্ন ধৰণে পৰিষ্কাৰ কৰা হৈছে যদিও এতিয়া সকলো যন্ত্ৰৰ জৰিয়তে পৰিস্কাৰ কৰা হয়। কেৱল সেয়াই নহয়, পৰিষ্কাৰ কৰাৰ সময়ত সেই সীমাৰ ভিতৰত কোনো লোক নাথাকে । সম্প্রতি ৰেল মন্ত্ৰণালয়ে এনে এটা ভিডিঅ’ প্ৰকাশ কৰিছে ।

ৰেলৰ তৰফৰ পৰা দাবী কৰা হৈছে, অতীতত এনে ব্যৱস্থা নাছিল । দক্ষিণ মধ্য ৰেলৱেৰ অন্তৰ্গত তেলেংগানাৰ লাল্লাগুড়াৰ কৰ্মশালাত হুইল ছেট ৱাছিং প্লাণ্ট স্থাপন কৰা হৈছে ।

তথ্য অনুসৰি ৰেলখনৰ চকাবোৰ তাত সম্পূৰ্ণ যান্ত্ৰিকভাৱে পৰিষ্কাৰ কৰা হয় । ৰেল কৰ্মচাৰীসকলে যন্ত্ৰ চলায় যদিও পৰিষ্কাৰ কৰাৰ সময়ত তাত কোনো নাথাকে।

জনোৱা হৈছে, যন্ত্ৰটো আৰম্ভ কৰাৰ আগতে, এইটো নিশ্চিত কৰা হয় ওচৰত যেন কোনো লোক নাথাকে।

ৰেল মন্ত্ৰণালয়ে চকা পৰিষ্কাৰ কৰাৰ প্ৰণালীৰ এটা ভিডিঅ’ মুকলি কৰিছে আৰু দাবী কৰিছে যে দক্ষিণৰ ৰেলৱেৰ লাল্লাগুড়া কৰ্মশালাত অত্যাধুনিক সুবিধা থকা এটা হুইল ছেট ৱাছিং প্লাণ্ট স্থাপন কৰা হৈছে ।

ৰেল মন্ত্ৰণালয়ে এইটোও দাবী কৰে যে এই পদ্ধতিটোৱে সময়ৰ লগতে পানীৰ অপচয় হ্ৰাস কৰে ।

Exit mobile version