ৰাছিয়াৰ স্বাস্থ্য বিজ্ঞানীয়ে দাবী কৰা অনুসৰি, অ’মিক্রন প্রজাতিৰ ব্যাপক সংক্রমণে অচিৰে ডেল্টা প্ৰজাতিৰ সংক্রমণক অতিক্ৰম কৰিব।
বিশ্বত ডেল্টাত আক্রান্ত ৰােগীৰ সংখ্যাতকৈ আগন্তুক সময়ত ক’ভিডৰ নতুন প্রজাতি অ’মিক্রনত আক্রান্ত লােকৰ সংখ্যা অধিক হােৱাৰ সম্ভাৱনা আছে বুলি ৰাছিয়াৰ গমালেয়া ৰিছাৰ্চ চেণ্টাৰ ফ’ৰ এমিডেম’ল’জী এণ্ড মাইক্র’বায়’ল’জীৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবর্গে দাবী কৰিছে।
এক প্রতিবেদনত আলেকজেণ্ডাৰে কয় যে দক্ষিণ আফ্রিকাত সর্বপ্রথমে ক’ভিড সংক্রমণৰ ক্ষেত্ৰত ডেল্টাৰ স্থান অ’মিক্রনে দখল কৰাৰ সম্ভাৱনা প্ৰকট হৈছে।
অ’মিক্রন প্ৰতিৰােধৰ ক্ষেত্ৰত ৰাছিয়াৰ প্রতিষেধক স্পুটনিক ভি কিমান কার্যকৰী সেয়া অহা ১০ দিনৰ ভিতৰত নিশ্চিত কৰা হ’ব বুলিও গৱেষকজনে জানিবলৈ দিয়ে।