Narendra Modi : প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰৰ ভুৱা তথ্যৰ ৰহস্য‌ই সাম কটা নাই

1639286150 modi 1

কোন আইপি (ইন্টাৰনেট প্রট’কল) এড্রেছৰ পৰা প্রধানমন্ত্রীৰ টুইটাৰ একাউন্ট হেক কৰা হৈছিল, বৈদ্যুতিক আৰু তথ্যপ্রযুক্তি মন্ত্রণালয়ৰ বিশেষজ্ঞসকলে সম্প্ৰতি সেয়া পৰ্যবেক্ষণ কৰিছে । অসমর্থিত সূত্রৰ মতে, বিদেশৰ কোনো আইপি এড্রেছৰ পৰা শনিবাৰে নিশা এই কাৰ্য সংঘটিত কৰা হৈছে । যদিও চৰকাৰীভাৱে এই সন্দৰ্ভত একো জনোৱা নাই ।

প্রধানমন্ত্রীৰ একাউন্ট হেক হোৱাক লৈ আজি লোকসভাত সৰৱ হয় বিৰোধী দলনেতা অধীৰ চৌধুৰী । আজি জিৰ’ আৱাৰত অধীৰে কয়, ‘‘যদি প্রধানমন্ত্রীৰ টুইটাৰ একাউন্ট দুটা বৰ্ষত দুবাৰ হেক হয়, তেনেহ’লে দেশবাসীৰ একাউন্টৰ সুৰক্ষা কেনেদৰে নিশ্চিত হ’ব ? ভাৰতৰ নিৰাপত্তা বৃহৎ বিপদৰ সন্মুখত ।’’ শনিবাৰে মাজ নিশা প্রধানমন্ত্রীৰ একাউন্ট হেক কৰি, তাত ক্রিপ্টোকাৰেন্সি বিটকয়েনৰ বিষয়ত কোৱা হয়, ‘ভাৰত চৰকাৰে ক্রিপ্টোকাৰেন্সি হিচাপে বিটকয়েনক বৈধতা দিছে ।’ কেন্দ্র‌ই ক্রিপ্টোকাৰেন্সিক লৈ বিল অনাৰ কথা চিন্তা-চৰ্চা কৰাৰ ঠিক আগ মুহূর্তত এনেদৰে বিটকয়েন সম্পর্কত ভুৱা তথ্য দিয়া আৰু তাৰ বাবে প্রধানমন্ত্রীৰ টুইটাৰ একাউন্ট হেক কৰাক লৈ উদ্বেগ প্রকাশ কৰিছেন বিৰোধীসকলে ।

ক্রিপ্টোকাৰেন্সি সম্পৰ্কত কি ভাবিছে, সেয়া দেশবাসীক জনাবলৈ সংসদত চৰকাৰৰ বিবৃতি দাবী কৰিছে চৌধুৰীয়ে । তেওঁ কয়,‘‘চৰকাৰে ক্রিপ্টোকাৰেন্সিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ কথা ভবাৰ সময়তে, প্রধানমন্ত্রীৰ টুইটাৰ একাউন্টৰ পৰা বিটকয়েনৰ দৰে ক্রিপ্টোকাৰেন্সি-ক বৈধতা দিয়াৰ টুইট কৰা হৈছে । চৰকাৰে ক্রিপ্টোকাৰেন্সি সম্পর্কত কি ভাবিছে, সেয়া সংসদত স্পষ্ট কৰক ।’’ লগতে প্রধানমন্ত্রীৰ টুইটাৰ একাউন্ট কেনেদৰে বিগত দুবছৰত দুবাৰ হেক হ’ল, তাক লৈও চৰকাৰৰ ব্যাখ্যা দাবী কৰিছে বিৰোধীসকলে ।

বিশেষজ্ঞসকলৰ একাংশৰ ধাৰণা, সম্ভৱত কোনো বিদেশী আইপি এড্রেছৰ পৰা প্রধানমন্ত্রীৰ টুইটাৰ একাউন্ট হেক কৰা হৈছে । ভিপিএন (ভার্চুৱেল প্রাইভেট নেটৱর্ক) ব্যৱহাৰ কৰি এই কাম কৰিব পাৰে । ভিপিএন-ৰ মাধ্যমত এই ধৰণৰ কাৰ্য কৰিলে নিজৰ আইপি এড্রেছ গোপন ৰখা সম্ভৱ । সেই ক্ষেত্রত মূল অপৰাধীক চিহ্নিত কৰা সময়সাপেক্ষ হৈ পৰে ।

ইপিনে, শ্বেয়াৰবজাৰৰ দৰে বিটকয়েনৰ উঠা-নমাত লক্ষ্য ৰখা এনে ৱেবছাইটবোৰৰ দাবী, যোৱা শনিবাৰে প্রধানমন্ত্রীৰ টুইটাৰৰ পৰা বিটকয়েনক বৈধতা দিয়াৰ ভুৱা ঘোষণাৰ ফলত, অৱশ্যে ক্রিপ্টোকাৰেন্সিৰ কোনো সূচকৰ অস্বাভাৱিক উঠা-নমা নহয় ।

Exit mobile version