চিকমিকিয়া আৰু সুন্দৰ চুলি লাগে ? ব্যৱহাৰ কৰক এইসমূহ প্ৰাকৃতিক উপাদান

unnamed 2

জেতুকা

মাহেকত এবাৰ জেতুকাৰ গুৰি চুলিত লগালে উফি, চুলি সৰা, আদি সমস্যাতা সুফল দিয়ে। জেতুকাই চুলিৰ গুৰি মজবুত কৰে আৰু নতুন চুলি গজাত সহায় কৰে৷ জেতুকাৰ পাত ৰ’দত শুকুৱাই গুৰি কৰি বটলত ভৰাই ৰাখি ব্যৱহাৰ কৰিব পাৰি।জেতুকাৰ গুৰিৰ লগত আমলখি, কণী আদিও দিব পাৰি।

আমলখি

প্রচুৰ পৰিমাণে ভিটামিন ‘চি’, এন্টিঅক্সিডেন্ট, ফ্লেৱনইডছ যুক্ত আমলখি চুলিৰ বাবে অতি উপকাৰী। আমলখিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলি ঘন আৰু গাঢ় কৰে, অকালপক্কতা, উফিৰ সমস্যা দূৰ কৰে।

মেথিগুটি

মেথিগুটি সাধাৰণতে পাকঘৰত ব্যৱহাৰ কৰা এবিধ উৎকৃষ্ট গুনেৰে ভৰপূৰ মচলা। ইয়াৰ বিভিন্ন ঔষধি গুণো আছে । মেথিগুটি বিভিন্ন ৰােগত উপকাৰী। খােৱাৰ উপৰিও বাহ্যিক ভাবে ব্যৱহাৰ কৰিলেও ই আমাক বিভিন্ন ধৰণে সহায় কৰে। বিশেষকৈ চুলিৰ গঠন মজবুত কৰাত আৰু চুলিৰ ভিন ভিন সমস্যা নির্মূল কৰাত মেথিগুটি উপকাৰী। ইয়াত থকা ভিটামিন ‘এ’ ‘বি’ ‘চি’ ‘কে’ , প্রটিন, কেলচিয়াম, আইৰণ আদি থকাৰ বাবে ইয়াৰ গুণাগুণ বেছি।

জবাফুল

অতীততে পৰা পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু সৌন্দর্য্য চৰ্চাত জবাফুলৰ পাত , ফুল ব্যৱহাৰ হৈ আহিছে। জবাফুলে চুলিৰ গঠন সুন্দৰ কৰে , নতুন চুলি গজাত সহায় কৰে আৰু বহুতাে সমস্যা নির্মূল কৰে। এই জবাফুলৰ পৰা বিভিন্ন হার্বেল শ্বেম্পু বনােৱা হয়। জবাফুলৰ পাত আৰু ফুল একেলগে পিচি তিলতেলৰ লগত উতলাই ঠাণ্ডা হােৱাৰ পাছত চুলিৰ গুৰিত মালিচ কৰি এঘণ্টাৰ পাছত ধুই দিয়ক।

ঔটেঙা বীজ

ঔটেঙাৰ বীজে চুলিৰ গঠন মজবুত কৰাৰ উপৰিও চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে। আচলতে ই প্রাকৃতিক কণ্ডিচনাৰ হিচাবে কাম কৰে। চুলিত ইয়াক প্ৰয়ােগ কৰাও সহজ।

Exit mobile version