চুনপুৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ময়মতালি, নাই কোনো নীতি-নিয়ম

বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মতিয়াৰ ৰহমানৰ অদক্ষতাৰ সুযোগ লৈ ২৭৯ নং চুনপুৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে স্ব‌ইচ্ছামতে চলাই গৈছে বিদ্যালয় । ক’ভিডৰ বাবে দীৰ্ঘকালীন বিদ্যালয় বন্ধ হৈ থকাৰ পাছতো সময় মতে উপস্থিত নহয় শিক্ষকসকল । ক’ভিড কালত দীৰ্ঘদিন ধৰি স্কুল বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ অপূৰণীয় ক্ষতি হৈছে যদিও আজিকোপতি একাংশ শিক্ষকে কৰ্তব্যক গাফিলতি কৰা ঘটনাই বৰপেটা শিক্ষা বিভাগৰ শিক্ষাৰ্থীসকলৰ প্ৰতি থকা অবহেলাক উদঙাই দিছে ।

২৭৯ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা বাদ দি মধ্যাহ্ন ভোজনৰ বজাৰত ব্যস্ত বুলি জনালে শিক্ষকে । বাকী শিক্ষকসকলে ১০ বজাৰ পাছতো পাঠদান নকৰা পৰিলক্ষিত হয় । ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক বিদ্যালয়সমূহত প্ৰাতঃ সভা বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে যদিও বিদ্যালয়খনত প্ৰাতঃ সভা অনুষ্ঠিত হয় । কেৱল মাত্ৰ দৰমহাৰ বাবেহে বিদ্যালয়ত অহা-যোৱা কৰিছে চুনপুৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাকসকলে ।

Exit mobile version