জনজাতিৰ বাবে সংৰক্ষিত ৪০ লাখ বিঘা ভূমিত বেদখল : ট্ৰাইবেল সংঘ

চৰকাৰৰ অৱহেলাত নিজাববীয়াকৈ জৰীপ, নহয় উচ্ছেদ

1609259304 whatsapp image 2020 12 12 at 15.42.55

চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত হোৱা বেদখল উচ্ছেদ অব্যাহত ৰখাৰ সমান্তৰালভাৱে আন বহু স্থানতো এনে অভিযান চলিব । এই পৰ্যন্ত চলোৱা উচ্ছেদ অভিযানত জনজাতিৰ বাবে সংৰক্ষিত অঞ্চলবোৰক সামৰি লোৱা নাই । ইয়াকে লৈ জনজাতীয় দল-সংগঠনবোৰৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে । অথচ জনজাতিৰ বাবে সংৰক্ষিত অঞ্চলতো অবাধ গতিত বেদখল অব্যাহত আছে ।

লক্ষ্যণীয়ভাৱে জনজাতীয় খণ্ড আৰু আবেষ্টনিৰ ভূমিৰ চৰকাৰে এই পৰ্যন্ত জৰীপ কৰা নাই । প্ৰতিখন চৰকাৰে জৰীপৰ আশ্বাস দিয়ে যদিও আজিলৈকে তাক কাৰ্যকৰী কৰা নাই । তাৰ সুযোগ দুষ্টচক্ৰ‌ই গ্ৰহণ কৰি জনজাতীয় লোকৰ সুৰক্ষাৰ বাবে সংৰক্ষিত ভূমিত বেদখল, বৈধ ক্ৰয়-বিক্ৰয় আদি অব্যাহত ৰাখিছে ।

জৰীপক লৈ চৰকাৰৰ ৰহস্যজনক অনীহাৰ বিপৰীতে সদৌ অসম ট্ৰাইবেল সংঘ‌ই জনজাতীয় খণ্ড আৰু আবেষ্টনিত হোৱা বেদখলৰ এক জৰীপ নিজাববীয়াকৈ সম্পন্ন কৰিছে । ইয়াৰ জৰিয়তে সংৰক্ষিত তেনে অঞ্চলবোৰৰ কমেও ৪০ লাখ বিঘা ভূমি বেদখলকাৰীৰ হাতত পৰা বুলি সংগঠনটোৱে “দৈনিক অগ্ৰদূত”ক সদৰী কৰে । অসমত ৪৮টা জনজাতীয় খণ্ড আৰু আবেষ্টনি আছে । তিনিচুকীয়া, শোণিতপুৰ, নগাঁও, মৰিগাঁও, লখিমপুৰ, কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা, ধেমাজি, দৰং, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, বাগ্‌সা আৰু ওদালগুৰিত এইবোৰ অৱস্থিত । প্ৰতিটো খণ্ড আৰু আবেষ্টনিৰ কম-বেছি পৰিমাণে ভূমি বেদখলকাৰীৰ কৱলত পৰা বুলি সংঘৰ তথ্যত প্ৰকাশ ।

সংগঠনটোৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে জনোৱা মতে, একাংশ খণ্ড আৰু আবেষ্টনিৰ বৃহৎ পৰিমাণৰ ভূমি সম্পত্তি বেদখলকাৰীৰ জিম্মাত আছে । খাখলাৰীয়ে কয়, ‘যি ৪০ লাখ বিঘা ভূমি বেদখল হৈছে তাৰ ভিতৰত নগাঁৱৰ পণ্ডিতৰাম, লংকাভেটা, বৰদোছা, জোনাইৰ মুৰ্ককংচেলেং, হোজাইৰ কাকী, কামৰূপৰ সোণাপুৰ আৰু দক্ষিণ কামৰূপ আদি খণ্ড আৰু আবেষ্টনিত সৰ্বাধিক বেদখল হৈছে । কোকৰাঝাৰ, চিৰাং আদিতো বেদখল হোৱাটো অত্যন্ত উদ্বেগজনক ।

চৰকাৰে কিয় অদ্যাপি এই বেদখল উচ্ছেদত গুৰুত্ব দিয়া নাই সেয়াহে চিন্তনীয় । তদুপৰি, জনজাতীয় খণ্ড আৰু আবেষ্টনিৰ ভূমিৰ জৰীপ নকৰাটো লক্ষ্যণীয় । কাৰোবাৰ প্ৰভাৱত চৰকাৰে সেই দায়িত্ব পালনত পলাই ফুৰিছে নেকি ? এই সন্দেহো আমাৰ হৈছে । কাৰণ জৰীপে বহুতৰে মুখা খুলিব ।’ প্ৰসংগক্ৰমে খাখলাৰীয়ে অভিযোগ কৰে যে সন্দেহজনক নাগৰিক আৰু একাংশ প্ৰভাৱশালী লোক জনজাতিৰ বাবে সংৰক্ষিত ভূমিৰ মূল‌ বেদখলকাৰী ।

ৰাজ্যৰ বিগত চৰকাৰ দিনত জনজাতীয় বিভিন্ন সংগঠনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বেদখল উচ্ছেদৰ দাবী জনাইছিল । চৰকাৰেও উচ্ছেদৰ প্ৰতিশ্ৰুতি দিছিল ; কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল । শেহতীয়াকৈ যোৱা আঠ ছেপ্টেম্বৰত অসমৰ জনজাতীয় সংগঠনবোৰৰ সমন্বয়ৰক্ষী সমিতিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি একেটা দাবী উত্থাপন কৰে । তাৰ ভিত্তিত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু উৰ্খাও গৌৰা ব্ৰহ্মক সহকাৰী অধ্যক্ষৰূপে লৈ এখন সমিতি গঠন কৰা হয় ; কিন্তু সমিতিৰ কাম-কাজ ক্ষিপ্ৰ নোহোৱা বুলি চৰ্চা চলিছে ।

Exit mobile version