স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন বাগসাৰ মায়ংপাৰাৰ বীৰেন বসুমতাৰী

এশ বিঘা মাটিত গঢ়ি তুলিছে ৰবৰ গছৰ বাগান, সংস্থাপন দিছে ১০টাকৈ পৰিয়ালক

ৰবৰ গছৰ বাগানেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বাগসাৰ শালবাৰীৰ এগৰাকী লোকে ৷ শালবাৰীৰ মায়ংপাৰাৰ বীৰেন বসুমতাৰী নামৰ লোকজনে নিজৰ প্ৰচেষ্টাত নিজৰ এশ বিঘা মাটিত গঢ়ি তুলিছে ৰবৰ গছৰ এক বৃহৎ বাগান ৷ বীৰেনে ৰবৰ গছৰ পৰা উৎপাদিত হোৱা আঠা গুৱাহাটীলৈ ৰপ্তানি কৰি নিজে আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে আন ১০ গৰাকী লোকৰ পৰিয়ালক এই ব্যৱসায়ৰ জৰিয়তে পোহপাল দি আহিছে ৷

এশ বিঘা মাটিত ৰবৰ গছৰ বাগান গঢ়ি তোলা বীৰেনে কিন্তু আবেদন কৰাৰ পাছতো আজি পৰ্যন্ত চৰকাৰীভাৱে কোনো ধৰণৰ সুবিধা পাবলৈ সক্ষম ন’হল ৷ বিগত ১০ বছৰে ৰবৰ গছৰ বাগানৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱা বীৰেনে এতিয়া আন বহু নিবনুৱাৰ প্ৰতি আদৰ্শ স্বৰূপ হৈ পৰিছে ৷

তেওঁ জানিবলৈ দিয়া মতে, প্ৰথমে নাৰ্চাৰীৰ লগত যোগাযোগ কৰি ৰবৰ বাগান গঢ়ি তোলাৰ কথা চিন্তা-চৰ্চা কৰে আৰু সেই মতে কামত আগবাঢ়ে ৷ বঙাইগাঁৱৰ কাজলগাঁৱৰ পৰা ৰবৰ গছৰ পুলি ক্ৰয় কৰি আনি এতিয়া বীৰেনে গঢ়ি তুলিছে এখন সুন্দৰ সেউজ বৃহৎ ৰবৰ গছৰ বাগান ৷

উৎকট গৰমৰ দিনত ৰবৰ গছৰ ছাঁত ক্ষন্তেক জিৰণি ল’বলৈ বিভিন্ন প্ৰান্তৰ লোকে ঢাপলি মেলি আহে বুলিও জানিবলৈ দিয়ে বীৰেনে ৷

Exit mobile version