Kareena Kapoor Khan: কৰ’নাত আক্ৰান্ত কৰণ জোহাৰ আৰু মাতৃ

1639550125 kareena 8

অভিনেতা সঞ্জয় কাপুৰৰ ঘৰত তলা লগালে বৃহন্মুম্বাই পৌৰ নিগম (বিএমচি)য়ে । সঞ্জয়ৰ পত্নী মহীপ কপুৰ ক’ৰনাত আক্রান্ত হোৱাৰ পাছত তেওঁলোকৰ জুহুৰ বাসগৃহত কণ্টেনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ADVERTISEMENT

তথ্য অনুসৰি, বিগত কেবাদিন সঞ্জয় আৰু মহীপৰ সংস্পৰ্শলৈ অহা প্ৰত্যেককে কৰ’না পৰীক্ষা কৰোৱা হৈছে । এই পৰ্যন্ত ফলাফল জানিব পৰা হোৱা নাই ।

কৰীণা কাপুৰ খান আৰু অমৃতা অৰোৰাৰ ঘৰটো বৰ্তমান পৌৰ নিগমৰ দৃষ্টি আছে । দুয়োগৰাকী অভিনেত্ৰীৰ কৰ’না পৰীক্ষাৰ ফলাফল সোমবাৰে ইতিবাচক হয়। তেওঁলোকৰ ঘনিষ্ঠ বন্ধু আৰু অভিনেতা ছোহেল খানৰ পত্নী ছিমা খানো সংক্ৰমিত হৈছে।

কৰণ জোহৰৰ ‘কভি খুশী কভি গম’ ২০ তম বাৰ্ষিকী পাৰ্টিলৈ গৈছিল কৰীণা । তাত সকলোৰে স’তে কিছু মুহূৰ্ত কটাইছিল অভিনেত্ৰীগৰাকীয়ে ।

কৰীণা আক্ৰান্ত হোৱাৰ পাছতে কৰণ,তেওঁৰ মাতৃ আৰু তেওঁলোকৰ মহলত থকা ৪০ জন বাসিন্দাৰ ক’ৰনা পৰীক্ষা কৰোৱা হয় ।

ইয়াৰ উপৰিও, পৰিচালকৰ ১০ জন কৰ্মচাৰীৰ কৰ’না পৰীক্ষাও কৰা হৈছে। তথ্য অনুসৰি এতিয়ালৈকে যদিও তেওঁলোকৰ কোনেও ইতিবাচক হোৱা। নাই । কিন্তু অ’মিক্ৰনৰ আক্ৰান্ত মাজতে পাৰ্টিৰ আয়োজন কৰাক লৈ কটাক্ষৰ সন্মুখীন হৈছে কৰণ জোহৰ।

কৰীণাৰ পিতৃ অভিনেতা ৰণধীৰ কাপুৰে সংবাদ মাধ্যমক জনাইছে, কৰীণাই তেওঁৰ শৰীৰত সামান্য জ্বৰ আৰু বিষৰ অনুভৱ কৰোতেই কৰ’না পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। বৰ্তমান কৰিণা ভালে আছে আৰু চিকিৎসকৰ তত্বাৱধানত আছে ।

Exit mobile version