অসাৰ দেশৰ একাধিক বিশ্ববিদ্যালয়ত শংকৰদেৱ আসনৰ চৰকাৰী ঘোষণা

20190828 FirstDay NingLeng McCourt 45110optimized 2000x1500 c default

ক্ষমতালৈ অহা ৰাজ্যৰ প্ৰতিখন চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ কৰে যদিও সেই কথাই কেতিয়াও বাস্তৱৰূপ নাপায়গৈ। উল্লেখ্য যে বিদ্যায়তনিক দিশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল সৃষ্টিৰাজি, আদৰ্শ আৰু দর্শনক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰে কৰিব পৰা বহু কমেই আজিও হৈ নুঠিল বুলি প্ৰায়েই অভিযোগ কামেই আজিও হৈ নুঠিল বুলি প্রায়েই অভিযোগ উত্থাপিত হৈ আহিছে ।

অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা, জাতীয় জীৱনৰ বটবৃক্ষ স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দর্শন সমগ্ৰ ভাৰতবর্ষ তথা বিশ্বতে তুলনাবিহীন। তেনে এগৰাকী মহাপুৰুষৰ বিষয়ে অসমৰ বাহিৰত যিদৰে চৰ্চা হ’ব লাগিছিল সেয়া আজিও হৈ উঠা নাই।

অসম চৰকাৰে বিগত ২০১৭তে ঘােষণা কৰিছিল যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ), দিল্লী বিশ্ববিদ্যালয়, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ আৰু হায়দৰাবাদ বিশ্ববিদ্যালয় শ্রীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা কৰা হ’ব।

আনকি ইউজিচিয়েও ভাৰতবৰ্ষৰ সেই পাঁচখন বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন। প্রতিষ্ঠাত অনুমােদন পর্যন্ত জনাইছিল। ইয়াৰ লগে লগে ৰাজ্যবাসীও উৎফুল্লিত হৈ পৰিছিলস্ল কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে আজিলৈকে সেই এখনাে বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্রতিষ্ঠা সঠিকভাৱে কাৰ্যকৰী নহ’ল।

প্রাপ্ত তথ্য মতে, বিশ্বভাৰতীয়ে ২০১৮ৰ ১৩ মার্চত শংকৰদেৱ আসন প্রতিষ্ঠাৰ বাবে উদ্যোগ লৈছিল। তাৰ বাবে অসম চৰকাৰে পাঁচ কোটি টকা জমাও দিছিল; কিন্তু অধ্যাপক নিযুক্তি বিজ্ঞাপন প্রকাশৰ পাছত বিগত তিনি বছৰে প্রক্রিয়াটো আৰু বিশেষ আগবঢ়া নাই।

নিৰ্ভৰযােগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, অসম চৰকাৰৰ তৰফৰ পৰা প্রতিনিধি নিযুক্তি নিদিয়াৰ পৰিপ্ৰেক্ষিতত সাক্ষাৎকাৰ আদি অনুষ্ঠিত কৰিব পৰা নাই। ফলত উল্লেখিত দেশৰ আগশাৰীৰ সেই বিশ্ববিদ্যালয়সমূহত আজিও খালী হৈ’ল শংকৰদেৱ আসন।

আনপিনে, তেজপুৰ বিশ্ববিদ্যালয়ত পূর্বৰ পৰা থকা শংকৰদেৱ আসনখনাে বিগত তিনিবছৰ ধৰি খালী হৈ আছে। সুদীর্ঘ দিন ধৰি কোনাে অধ্যাপকক নিয়ােগ কৰা হােৱা নাই। ইপিনে, পঞ্জাৱৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত বহু বছৰ আগতে শংকৰদেৱ আসন আছিল। ড° মহেশ্বৰ নেওগ আৰু ড° কেশৱানন্দ দেৱ গােস্বামী এই আসনৰ অধ্যাপক আছিল।

তাৰ পাছৰ পৰা এই আসনখনাে খালী হৈ আছে। মুঠতে সম্প্রতি ভাৰতবৰ্ষৰ কোনাে এখন বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন নাই। এয়া অসম আৰু অসমীয়াৰ বাবে চৰম দুর্ভাগ্যজনকৰূপে বিবেচিত হৈছে। এই ক্ষেত্ৰত বৰ্তমানৰ অসম চৰকাৰক এক সঠিক সিদ্ধান্ত লৈ বিদ্যায়তনিক দিশত গুৰুজনাৰ আদর্শ, দর্শন আৰু বিশাল সৃষ্টিক জগতসভালৈ লৈ যােৱাত পদক্ষেপ গ্রহণ কৰিবলৈ বৌদ্ধিক মহলে দাবী জনাইছে।

এই ক্ষেত্ৰত জাতীয় সংগঠনসমূহে চৰকাৰক যি ধৰণে হেঁচা প্রয়ােগ কৰিব লাগিছিল সেয়া পৰিলক্ষিত হােৱা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, অসম সত্ৰ মহাসভা, অসম সাহিত্য সভাৰাে ভূমিকাক লৈ ৰাইজ মুঠেই সন্তুষ্ট নহয়।

Exit mobile version