আফগানিস্তানত মাৰ্কিন বিপৰ্যয়ৰ বাবে দায়ী পাকিস্তান : কটাক্ষ মাৰ্কিন ছিনেটৰৰ

afghanistan kabul mood

গোলকীয় জেহাদ বা বিশ্ব সন্ত্ৰাসবাদৰ কেন্দ্ৰত পৰিণত হোৱা পাকিস্তানক আফগানিস্তান প্ৰসংগত কঠোৰভাৱে সমালোচনা কৰিলে আমেৰিকাই । মাৰ্কিন ছিনেটৰ সদস্য ৰবাৰ্ট মেনেনডেজে আফগানিস্তানত মাৰ্কিন বিপৰ্যয়ৰ বাবে জগৰীয়া কৰিলে পাকিস্তানক ।

মাৰ্কিন ছিনেটৰ বৈদেশিক সম্পৰ্ক সমিতিৰ অধ্যক্ষ মেনেনডেজে আফগানিস্তান প্ৰসংগত আমেৰিকাৰ ব্যৰ্থতাৰ সন্দৰ্ভত মন্তব্য কৰি কয়, ‘মাৰ্কিন সেনাৰ হত্যাকাৰী তালিবানৰ নিৰাপদ আশ্ৰয় দিছে পাকিস্তানে । ভৱিষ্যতৰ পদক্ষেপ সন্দৰ্ভত পাকিস্তান চৰকাৰৰ স’তে আমি আলোচনা কৰা উচিত । আমি সমিতিক পূৰ্বেও অৱগত কৰিছিলো যে আফগানিস্তানত মাৰ্কিন বিপৰ্যয়ৰ নেপথ্যে কিছু হ’লেও পাকিস্তানৰ দ্বিচাৰিতা আছে ।’

Exit mobile version