উজনিত পুনৰ আলফা (স্বা:)ৰ সদস্যভৰ্তী অভিযান

তিনিচুকীয়াৰ ফিল'বাৰী তৰাণি গাঁৱৰ পৰা সন্ধানহীন দুই যুৱক, পাঁচ মহীয়া সন্তানক এৰি আলফা (স্বা:)লৈ যোৱাৰ সন্দেহ পৰিয়ালৰ

1639666150743

যি সময়ত আলফা (স্বা:)ই যুদ্ব বিৰতি ঘোষণা কৰিছে ঠিক তেনে সময়তে উজনি অসমত আলফা (স্বা:)এ পুনৰ সদস্যভৰ্তী অভিযান আৰম্ভ কৰিছে । বিগত কিছুদিনত তিনিচুকীয়া জিলাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগতে কৰদৈগুৰিৰ পৰা তিনিগৰাকী যুৱকে আলফা (স্বা:)ত যোগদান কৰাৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু যুৱক-যুৱতী আলফা (স্বা:) লৈ গমন কৰাৰ তথ্য পোহৰলৈ আহিছে‌ । ইফালে তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ ভিতৰুৱা ২ নং তৰাণি গাঁৱৰ পৰা দুজন যুৱক বিগত তিনিদিনৰ পৰা সন্ধানহীন হৈ থকাৰ খবৰ আহি পৰিছে ।

ফিল’বাৰী গাঁৱৰ ২ নং তৰাণি গাঁৱৰ চেপেট মৰাণ (বেজবৰ) পুত্ৰ মিন্টু মৰাণ (২২) আৰু একেখন গাঁৱৰ স্বৰ্গীয় পিলিক মৰাণৰ পুত্ৰ পলাশ মৰাণে (২২) গাড়ী চলাবলৈ (ড্ৰাইভাৰ কাম) অৰুণাচললৈ বুলি মঙলবাৰে পুৱা ছয় বজাতেই ওলাই গৈছিল । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, মঙলবাৰে পুৱাৰ ভাগতেই এজন স্থানীয় যুৱকক লগত লৈ মটৰ চাইকেলেৰে দুয়ো শগৰাকী সন্ধানহীন যুৱক অৰুণাচল প্ৰদেশলৈ যায় ।মটৰ চাইকেলেৰে যোৱা স্থানীয় যুৱকজনে অৰুণাচল প্ৰদেশৰ খাৰচাং নামৰ ঠাইৰ বালিপং গেটত এৰি থৈ ঘৰলৈ ওভতি আহে ।‌ কিন্তু মঙলবাৰৰ পুৱাৰ পৰা আজি পৰ্যন্ত যুৱক দুজনৰ ম’বাইল ফোন অৱ হোৱাৰ লগতে যুৱক দুজনৰ স’তে কেনো যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে ।

সন্ধানহীন যুৱক মিণ্টু মৰাণৰ দুই আৰু এক বছৰীয়া দুজন পুত্ৰ সন্তান আৰু পলাশ মৰাণৰ চাৰি বছৰীয়া কন্যা আৰু পাঁচ মহীয়া পুত্ৰ সন্তান আছে । মিণ্টু মৰাণে ঘৰৰ পৰা কিছু নিলগত চাইকেল দোকান খুলি পৰিয়াল পোহপাল দিয়াৰ লগতেই পলাশ মৰাণে অৰুণাচলৰ খাৰচাংৰ কইলা খনীত ডামপাৰ গাড়ী চলাই পৰিয়াল পোহপাল কৰি আছিল‌ । ইফালে সন্ধানহীন যুৱক কেইজনে কেইদিনমান আগতে গাঁৱৰ বন্ধু কে’বাজনকো ‘কেইদিনমান পাছতেই নিউজ এটা তহঁতি পাবি’ বুলি কোৱা কথা জানিব পৰা গৈছে ।

নিউজৰ কথা কোৱাৰ বাবেই আলফা (স্বা:) যোৱাটো প্ৰায় নিশ্চিত বুলিয়েই সকলোৱে সন্দেহ কৰিছে । সেনা-আৰক্ষীৰ এক গোপন সূত্ৰয়ো যুৱক দুজন আলফা (স্বা:)ত যোগদানৰ বাবে যোৱাৰ কথা প্ৰকাশ কৰিছে । যদিহে পলাশ মৰাণ আৰু মিন্টু মৰাণ আলফা (স্বা:) লৈ গৈছে তেন্তে পুনৰ ঘৰলৈ ঘূৰি আহিবলৈ যুৱক দুজনৰ পৰিয়ালে আহ্বান জনাইছে । মিণ্টু আৰু পলাশৰ পৰিয়ালে আলফা স্বাধীনৰ সেনাধক্ষ্য পৰেশ বৰুৱালৈ আহ্বান জনাইছে যদিহে দুয়োজন যুৱক আলফা (স্বা)ত যোগদান কৰিছে তেন্তে কণমানি শিশু, পত্নী, বৃদ্ধ পিতৃ মাতৃৰ কথা চিন্তা কৰি ঘৰলৈ ঘূৰাই পঠাই দিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছে ।

তিনিচুকীয়া জিলাখনৰ পৰা সঘনাই এনেদৰে নিষিদ্ধ সংগঠনলৈ যুৱক-যুৱতীৰ গমনে সচেতন মহলক চিন্তিত কৰাৰ লগতে আৰক্ষী-প্ৰসাশনৰ নিষ্ক্ৰিয়তাকেই প্ৰমাণ কৰিছে ।

Exit mobile version