কেঁচা অমিতা খাওক আৰু এইসমূহ সমস্যাৰ পৰা দূৰত থাকক

greenpapaya

★ কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা উপকাৰী । ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰে । অৰ্শ ৰোগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ বা চবজি খালে ভালেখিনি উপশম লাভ কৰে ।

★ গেছ, বদহজম, বুকু জ্বলা-পোৰা, আই বি এছ আদিৰ সমস্যাত কেঁচা অমিতা অতি উপকাৰী ।

★ কলেষ্টেৰল সমস্যাত কেঁচা অমিতা উপকাৰী । ই হাৰ্টৰ সুৰক্ষা কৰে । সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে-সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক ।

★ কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী ।

★হাপানী, ব্ৰ্ংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য ।

★ টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি ৰন্ধা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী ।

★ অষ্টিঅ’আৰথ্ৰাইটিছৰ বাবে অমিতা অতি উপকাৰী ।

★ ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ডায়েট প্লেনত থকাসকলে মাজে-সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত ।

★ সুন্দৰ স্বাস্থ্য, উজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে । পিম্পলছ, ক’লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ চবজি মাজে মাজে সুফল পায় । ই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হোৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী ।

Exit mobile version