দুৰ্নীতিৰ দৌৰত পথচ্যুত এনএফ ৰেল

Screenshot 266

উত্তৰ-পূব সীমান্ত (এন এফ) ৰেলৱেত ঠিকা প্ৰদানৰ নামত একাংশ শীর্ষ বিষয়াৰ একোটা বৃহৎ চক্রই বিয়াগােম কেলেংকাৰি সংঘটিত কৰি আহিছে।

ঠিকা প্রদানৰ বিনিময়ত পাটনাৰ এটা প্রতিষ্ঠানৰ পৰা দুই কোটি ১০ লাখ টকা উৎকোচ বিচাৰি তাৰে আগধন লােৱাৰ সময়ত শেহতীয়াকৈ চি বি আইৰ ওচৰত হাতে-লােটে ধৰা পৰে উপ-মুখ্য বৈদ্যুতিক অভিযন্তা ৰণজিৎ কুমাৰ বৰা।

এই উৎকোচ কাণ্ডতে কেঁচু খান্দতে সাপ ওলােৱাৰ দৰে বুধবাৰে চি বি আইৰ জালত পৰে বৈদ্যুতিক শাখাৰ মুখ্য অভিযন্তা ভি কে উপাধ্যায়। কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে চলােৱা অনুসন্ধানত স্পষ্ট হয় যে ৰণজিৎ কুমাৰ বৰা এনে কেলেংকাৰিৰ এক অংশহে।

বৈদ্যুতিক শাখাৰ স্বয়ং মুখ্য অভিযন্তা উপাধ্যায় এনে কেলেংকাৰিত ওতঃপ্রােতভাৱে জড়িত হৈ আছে। উৎকোচৰ বিনিময়ত ঠিকা প্রদান কৰি উপাধ্যায় কোটি কোটি টকাৰ স্থাৱৰ-অৱস্থাৱৰ সম্পত্তিৰ গৰাকী হৈছে।

মঙলবাৰৰ ঘটনাৰ আঁত ধৰি চিবিআয়ে এই পর্যন্ত নটা স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী, পাটনা, নয়ডা আদিত চিবিআয়ে অব্যাহত ৰখা অভিযানত বহু আপত্তিজনক নথিপত্রসহ নগদ ২.১৯ কোটি টকা উদ্ধাৰ হৈছে।

বুধবাৰে সংস্থাটোৱে সদৰী কৰে যে নয়ডাত ধৃত উপাধ্যায়ৰ তিনিটা অতি বিলাসী ফ্লেট তথ্য উদ্ধাৰ হৈছে। ইপিনে, উপ-মুখ্য অভিযন্তা আৰু তেওঁৰ পৰিয়ালৰ নামত থকা ছটা ফ্লেট তথ্যও উদ্ধাৰ কৰা হৈছে।

উপ-মুখ্য অভিযন্তা বৰাৰ পৰা উদ্ধাৰ কৰা নগদ ধনৰ পৰিমাণ হ’ল কমেও ছয় লাখ টকা। ইয়াৰ উপৰি উৎকোচ কাণ্ডত অভিযুক্ত কৰা হৈছে উৎকোচৰ বিনিময়ত ঠিকা লাভৰ অলিখিত চুক্তি কৰা পাটনাৰ প্রতিষ্ঠান মেছাৰ্ছ ছান চাইন ডিভাইচেজ প্রাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈনক।

জৈনৰ প্ৰতিষ্ঠানৰ কর্মচাৰী নিৰজ কুমাৰকো অভিযুক্ত কৰা হৈছে। নিজেই মঙলবাৰে বৰাক আগধনৰ ১৫ লাখ টকা দিছিল। উল্লেখ্য যে ধৃত বৰা নির্মাণ শাখাৰ উপ-মুখ্য বৈদ্যুতিক অভিযন্তা থকাৰ সময়তাে বেআইনীভাৱে পাটনাৰ প্ৰতিষ্ঠানটোক ঠিকা প্রদান কৰিছিল। তাৰ বিনিময়ত দুটা বিলাসী ফ্লেট উৎকোচৰূপে আদায় কৰিছিল।

Exit mobile version