৩৫০ বিষয়া-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণতো কৌশলেৰে বাধা

Screenshot 265

পঞ্চায়তীৰাজ ব্যৱস্থাটোৰ শক্তিশালীকৰণৰ বিষয়ত জড়িত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছআইপিআৰডি) সম্প্ৰতি বিভিন্ন দুৰ্নীতি-অনিয়মৰ বাবেহে চৰ্চিত হৈছে ।

মুনিন্দ্ৰ শৰ্মাই ইয়াৰ সঞ্চালকৰূপে দায়িত্বভাৰ গ্ৰহণৰ পাছৰে পৰা প্ৰতিষ্ঠানটোত ব্যাপক দুৰ্নীতিৰহে নেতৃত্ব দিছে । আনকি প্ৰতিষ্ঠানটোৰ জন্মনগ্নৰে পৰা ইয়াত কৰ্মৰত বিষয়া – কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ হােৱাটো বিচৰা নাই বুলি এটা চক্রই। ফলস্বৰূপে এই বিষয়া-কৰ্মচাৰীসকলে অনিশ্চিত ভৱিষ্যৎ লৈ দিন কটাইছে।

উল্লেখ্য যে ১৯৯৭ৰ পৰা ইয়াত কৰ্মৰত হৈ আছে প্রায় ৩৫০ বিষয়া-কৰ্মচাৰী। হেজাৰ হেজাৰ নিবনুৱাক বৃত্তিমূলক প্রশিক্ষণ দি ৰাজসাহায্যযুক্ত ঋণ প্রদানৰে আত্মনিৰ্ভৰশীল কৰি তােলাৰ সমান্তৰালকৈ পঞ্চায়ত প্রতিনিধিসকলক প্রশিক্ষণ কার্যত জড়িত হৈ অহা প্রতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীসকল এনে অনিশ্চয়তাৰ বাবে উদ্বেগেৰে দিন কটাবলগীয়া হৈছে।

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে ২০১৫-১৬ৰ পৰা চাকৰি নিয়মীয়াকৰণৰ প্রক্রিয়া আৰম্ভ হয় যদিও এছআইপিআৰডিত কৰ্মৰত একাংশ জ্যেষ্ঠ বিষয়াৰ বিধি-পথালিৰ বাবে ২০২০ত কেবিনেটত বিষয়টোৱে অনুমােদন লাভ কৰিবলৈ সক্ষম নহ’ল।

ইয়াৰ পাছতাে যােৱা দুমাহে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিবলগীয়া এই সম্পর্কীয় ফাইলটোক লৈ চলিছে কুটিল ৰাজনীতি। দুমাহে সংশ্লিষ্ট ফাইলটো সঞ্চালক শৰ্মাই ৰহস্যজনক কাৰণত নিজৰ জিম্মাত ৰাখি থৈছিল বুলি বিভাগীয় সূত্রত প্রকাশ। মাথোঁ সেয়াই নহয়, চৰকাৰৰ পৰা অনুমােদন দিয়া বছৰেকীয়া উদ্গনিমূলক বিত্তীয় সাহায্য ‘আৰজিএছএত কৰ্মৰত বিভিন্ন বিষয়া-কৰ্মচাৰীক বিগত পাঁচ বছৰ ধৰি বিভিন্ন অজুহাত দেখুৱাই মুকলি কৰি দিয়া নাই।

প্রথমৰ পৰাই বিষয়া-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নিবিচৰা চক্ৰটোৰ মূল উদ্দেশ্য হ’ল স্বায়ত্তশাসন বাহাল ৰখা যাতে অবাধে লুণ্ঠন প্রক্রিয়া চলাই যাব পাৰে। ইফালে, সঞ্চালক শর্মাই নিজৰ লগত আধা ডজনকৈ চতুর্থ বৰ্গৰ কৰ্মচাৰী ৰখা বুলি অভিযােগ উঠিছে।

পিয়ন আৰু চালক আদি এই কৰ্মচাৰীসকলক পুৱা ন বজাৰ পৰা নিশালৈ ঘৰুৱা লগুৱাৰ দৰে ব্যৱহাৰ কৰি আহিছে; কিন্তু তেওঁলােকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কৰিবলগীয়াখিনি কৰাত কৃপনালি কৰি আহিছে সঞ্চালকজনে। লুণ্ঠনৰ স্বাৰ্থত কেৱল প্রতিষ্ঠানটোৰ জমা ধনৰ ব্যয়ত গুৰুত্ব আৰােপ কৰি অহা সঞ্চালক শৰ্মাই খানাপাৰাস্থিত মুখ্য কার্যালয়ত দৈনিক ৩২ হেজাৰ টকা ভাড়ালৈ লৈ ডিজেল জেনেৰেটৰৰ নামত ইতিমধ্যে খৰচ কৰিছে বৃহৎ পৰিমাণৰ ধন।

কমিছনৰ স্বাৰ্থত ধন ব্যয়ৰ আন এক উৎকৃষ্ট উদাহৰণ হ’ল অলপতে প্রকাশ পােৱা এখন নিবিদা জাননী। নিবিদা নম্বৰ এছ আই পি আৰ ডি-১০৭/১৭/পিটি-৬২ত এটা প্ৰশাসনীয় ভৱনৰ বাবে ২৫০ কেভিএ ডিজেল জেনেৰেটৰ ছেট এটা ক্ৰয়ৰ বাবে ব্যয় ধার্য কৰা হৈছে ৩৭,৯১,৯৬৫ টকা। তদুপৰি আৱাসৰ বাবে ১৬০ কেভিএৰ ডিজেল ছেটৰ ব্যয় ২৭,২৯,৫৫৬ টকা ধার্য কৰা হৈছে।

প্রতিষ্ঠানটোৰ কাৰিকৰী বিষয়াৰ তথ্য মতে প্রতিষ্ঠানটোৰ প্ৰয়ােজনতকৈ ই চাৰিগুণে বেছি। অথবা সঞ্চালকজনে ইতিমধ্যে পুঁজিৰ অভাৱ বুলি বিভিন্ন উৎসৰ অব্যৱহৃত ধন মুখ্য কার্যালয়লৈ ঘূৰাই পঠাবলৈ নির্দেশ জাৰি কৰিছে। নির্মাণ কার্য আৰু সামগ্রী ক্রয়ৰ বাবে চৰকাৰলৈ প্রয়ােজনীয় পুঁজি বিচাৰি পত্ৰ প্ৰেৰণ কৰিব লাগে যদিও সঞ্চালক শৰ্মাই ইয়াৰ ওপৰত গুৰুত্ব আৰােপ কৰা নাই।

বৰঞ্চ প্রতিষ্ঠানত জমা থকা পুঁজি ব্যয়তহে গুৰুত্ব আৰােপ কৰাৰ মূল কাৰণ হৈছে তেওঁৰ অৱসৰৰ সময় চমু চাপি আহিছে। চৰকাৰী পুঁজি অনুমােদন বিভিন্ন পর্যায়েৰে অহা হেতুকে তালৈ বাট নাচাই প্রতিষ্ঠানত জমা ধনৰ ব্যয় ওপৰত গুৰুত্ব আৰােপ কৰিছে।

বৃত্তিমূলক তথা আয়ৰ উৎস প্রশিক্ষণৰ ব্যৱস্থা নকৰি মাথোঁ নির্মাণ কার্যত উঠিপৰি লাগিছে সঞ্চালক শৰ্মাই। ফলস্বৰূপে প্রশিক্ষণৰ নামত অহা ধন ব্যয়ত ব্যর্থ হৈছে। ইতিমধ্যে ৰাজ্যৰ ২,১৯৭খন গাঁও পঞ্চায়তৰ ৬৫,৯১০ জন আৰু ষষ্ঠ অনুসুচীৰ অন্তর্ভুক্ত জিলাকেইখনৰ ৬৭৭খন ভিচিডিচি আৰু ভিডিচিৰ ২০,৩১০জন প্রতিনিধিক চৰকাৰৰ নির্দেশ সত্ত্বেও নৱেম্বৰৰ ভিতৰত প্রয়ােজনীয় প্রশিক্ষণ সম্পূর্ণ কৰিব নােৱাৰিলে।

আনহাতে, বিষয়া-কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণ হ’লে আৰু তাৰ ফলত স্বায়ত্তশাসন হেৰুৱালে লুণ্ঠনৰ পথ বন্ধ হােৱাৰ আশংকা কৰা প্রতিষ্ঠানটোৰ এনে অনিয়মসমূহৰ মাজতে প্রশাসনীয় শাখাৰ যুটীয়া সঞ্চালকজনৰ ভূমিকা সন্দেহজনক বুলি চৰ্চিত হৈছে। উল্লেখ্য যে সঞ্চালক শৰ্মাৰ অতি ঘনিষ্ঠ তথ মন্ত্রণাদাতা বুলি পৰিচিত প্রশাসনীয় শাখাৰ যুটীয়া সঞ্চালক অমিত কুমাৰ কৰৰ পদোন্নতিও সন্দেহৰ আৱৰ্তত।

এসময়ত ডিআৰডিএৰ ডাটা এন্ট্রি অপাৰেটৰৰ পৰা আহি প্রতিষ্ঠানটোত গৱেষণা সহায়কৰূপে ডেপুটেছনত যােগদান কৰে। ২০১৮ৰ পহিলা মার্চত প্রশাসনিক বিষয়া কৰে ২০২০ৰ ৩০ অক্টোবৰত উপ-সঞ্চালকৰূপে পদোন্নতি লাভ কৰে; কিন্তু ইয়াৰ চাৰে পাঁচমাহ পাছতে পুনৰ যুটীয়া সঞ্চালকৰূপে পদোন্নতি লাভ কৰে।

কাহিকুছিস্থিত দ্বিতীয় চৌহদৰ মেৰামতিকে ধৰি আনুসাংগিক কামৰ বাবে লাভ কৰা ধন প্রশাসনীয় শাখাৰ যুটীয়া সঞ্চালকজনে খৰচ কৰে। তদুপৰি প্রতিষ্ঠানটোৰ জমা পুঁজি খৰচত সঞ্চালক শৰ্মাক পূর্ণ সহযােগ আগবঢ়াই আহিছে যুটীয়া সঞ্চালকজনে। উল্লেখ্য যে তেওঁৰ পত্নী প্রতিষ্ঠানখনৰ জ্যেষ্ঠ গাণনিক বিষয়া।

Exit mobile version