শালবাৰীত জনজাতিকৰণৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

তিনিজনকৈ সাংসদৰ পুত্তলিকা দাহ সংগঠনটোৰ, আটক কে'বাগৰাকী প্ৰতিবাদকাৰী

অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰাৰ দাবীত লগতে জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ তিনিজনকৈ সাংসদে সংসদত আদিবাসীসকলক লৈ কোনো ধৰণৰ মাত নমতাৰ বাবে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ বাঁহবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৰপেটা ৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বাঁহবাৰীত সাংসদ ৰামেশ্বৰ তেলী, পল্লৱ লোচন দাস আৰু কামাখ্যা প্ৰসাদ তাছাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে ৰামেশ্বৰ তেলী হায় হায়, পল্লৱ লোচন দাস হুচিয়াৰ, কামাখ্যা প্ৰসাদ দাস মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, আদিবাসীসকলক লৈ ৰাজনীতি কৰা বন্ধ কৰক, আমাক এছটি লাগিবই, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰি আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকাই কয়, ‘কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা অসমৰ আদিবাসী ৰাইজৰ ভোটেৰে আজি সাংসদ হৈ থাকিব পাৰিছে ৷ কিন্তু তেওঁলোক আজি আদিবাসী ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত নিমাত ৷ তেওঁলোকে আদিবাসীৰ জনজাতিকৰণৰ ক্ষেত্ৰত এনেকৈ যদি সংসদত মৌন হৈ থাকে তেন্তে আমি তেওঁলোকৰ বিৰুদ্ধে জংঘী আন্দোলন কৰিবলৈ বাধ্য হ’ম ৷’

তেওঁ লগতে কয়, ‘চৰকাৰক এটাই আহ্বান পূৰ্বে আদিবাসীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছিল তাত চৰকাৰ ব্যৰ্থ হৈছে ৷ সাংসদ তিনিওকে আমি পুনৰবাৰ কৈছো যদি সদিচ্ছা আছে তেন্তে সংসদত জনজাতিকৰণৰ বিল উত্থাপন কৰক আৰু জনজাতিকৰণৰ ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক ৷ যদি সাংসদত্ৰয় সঁচাকৈ আদিবাসীৰ পুত্ৰ হয় তেন্তে আমি আশা কৰিছো তেওঁলোকে সংসদত আদিবাসীসকলৰ উন্নয়ন আৰু জনজাতিকৰণৰ ক্ষেত্ৰত মাত মাতিব ৷’

আদিবাসী নেতা ছানখাড়িকাই কয় যে, অসমৰ আদিবাসী, চাওতাল, ওৰাং,‌ মুণ্ডা,‌ খাৰিয়া সকলক চৰকাৰৰ একাংশ প্ৰতিনিধিয়ে চাহ জনগোষ্ঠীৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে উঠিপৰি লাগিছে ৷ এই ক্ষেত্ৰত চৰকাৰৰ কোনো প্ৰতিনিধিয়ে যাতে এনেকুৱা ভুল কাম নকৰে তাৰ বাবে সঁকিয়াই দিয়া হ’ল ৷ আদিবাসীৰ এটা নিজস্ব পৰিচয় আছে ৷ জোৰজবৰদস্তি কোনেও আদিবাসীক চাহ জনগোষ্ঠী বনাব নোৱাৰে ৷

উল্লেখ্য যে আজি তিনিজনকৈ সাংসদৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানছুখ ছানখাড়িকাসহ ন জনকৈ প্ৰতিবাদকাৰী আছা কৰ্মীক আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰাই আটক কৰি বাঁহবাৰী আৰক্ষী চকীলৈ লৈ যায় আৰু আবেলিৰ ভাগত আটাইকেইগৰাকীকে আৰক্ষীয়ে মুকলি কৰি দিয়ে ৷

Exit mobile version