ঐতিহ্যমণ্ডিত সাংস্কৃতিক ৰাজধানী যোৰহাট জিলাৰ চেলেংহাটৰ অন্যতম অগ্ৰনী সামাজিক অনুষ্ঠান বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু কাব্য প্ৰেমী ৰাইজৰ সহযোগত চেলেংহাটস্থিত ৰাজীৱ গান্ধী ক্ৰিয়া প্ৰকল্পত অহা ১৯ ডিচেম্বৰ দেওবাৰে গীত আৰু কবিতাৰ মাজেৰে ‘শীতৰ এনিশা’ নামেৰে এক অনুষ্ঠান আয়োজন কৰিছে ।
নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম কুমাৰ বৰুৱাই আৰম্ভ কৰিবলগীয়া অনুষ্ঠানটোত জিলাখনৰ বহু কেইজন কবি, সাংস্কৃতিক কৰ্মী, আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।
সাম্প্ৰতিক সময়ত নৱ প্ৰজন্মৰ মাজত কাব্য চৰ্চা কমি অহাৰ বাবে পুনৰ কাব্য চৰ্চাৰ ভেটি সবল কৰাৰ লক্ষ্যৰে উক্ত অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিৰ সভাপতি মদনমোহন পাগবন্ধা আৰু সম্পাদক তপন পাত্ৰই জানিব দিয়ে ।






























