Bhutan’s Highest Civilian Honor : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভূটানৰ সর্বোচ্চ নাগৰিক সন্মান

96qrmkh pm modi bhutan

প্রধানমন্ত্রী নৰেন্দ্র মোদীক ভূটানৰ সর্বোচ্চ নাগৰিক সন্মান দিয়াৰ কথা ঘোষণা কৰিলে চুবুৰীয়া দেশ ভূটানে । অতিমাৰী পৰিস্থিতিত প্রতিবেশী দেশৰ প্রতি সহায়ৰ হাত আগবঢ়াইছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । সেই সাহায্যকেই সন্মান জনাবলৈ প্রধানমন্ত্রীক সর্বোচ্চ নাগৰিক সন্মান ‘গাদাগ পেল গি খৰলো’ (Ngadag Pel gi Khorlo) দিয়াৰ কথা জনালে ভূটান চৰকাৰে ।

শুকুৰবাৰে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে জনায়, ‘ভাৰতৰ স’তে ভূটানৰ নিঃচর্ত বন্ধুত্বৰ সম্পর্ক আছে । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শাসনকালত ভূটানক বহু বছৰ ধৰি সহায় কৰি আহিছে ভাৰতে । বিশেষকৈ কৰ’না পৰিস্থিতিত ভূটানৰ স’তে থিয় দিছে ভাৰতে ।’

ভূটানৰ প্ৰধানমন্ত্ৰী লটায় চেৰিঙে এক বিবৃতিত জনাইছে, “মাহামান্য ৰজাই ভূটানৰ সর্বোচ্চ নাগৰিক সন্মান গাদাগ পেল গি খৰলো প্রাপক হিচাপে নৰেন্দ্র মোদীৰ নাম ঘোষণা কৰাত আমি আনন্দিত । বছৰৰ পাছত বছৰ ধৰি আৰু বিশেষকৈ মহামাৰী চলাকালীন মোদীয়ে তেওঁৰ নিঃচর্ত বন্ধুত্ব আৰু সমর্থন দিছে ভূটানক । তেওঁৰ এই সন্মান প্রাপ্য । ভূটানৰ জনগণৰ তৰফৰ পৰা তেওঁলৈ অভিনন্দন ।মোদীক সকলো সময়তে এজন মহান, আধ্যাত্মিক মানুহ হিচাপে দেখিছো । ভূটানে সন্মান উদযাপনৰ বাবে উন্মুখ ।”

Exit mobile version