Omicron : এদিনতে ১০ জন অ’মিক্রন আক্রান্ত দিল্লীত, ভাৰতত ৯০-ৰো অধিক

clipboard 2021 12 10t092315615 1059358 1639115485

মাত্র ২৪ ঘণ্টাত ১০ জন নতুন অ’মিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে দিল্লীত । ৰাজধানীত এই পর্যন্ত মুঠ ২০ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ এই ৰূপৰ উপসর্গ‌ই দেখা দিছে বুলি জনাইছে স্বাস্থ্য বিভাগে । অ’মিক্রনত দৈনিক সংক্রমণৰ নিৰিখত দিল্লীত ইয়াৰ আগতে ইমান সংখ্যক ৰোগী ধৰা পৰা নাই বুলি জনাইছে স্বাস্থ্য বিষয়াসকলে ।

শুকুৰবাৰে দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে জনাইছে, ২০ জন আক্রান্তৰ ভিতৰত ১০ জনক চিকিৎসাৰ পাছত হাস্পাতালৰ যাবলৈ দিয়া হৈছে । তেওঁ কয়, ‘‘শুকুৰবাৰে পুৱা অ’মিক্রনত সংক্রমিত ১০ জন নতুন ৰোগীৰ সন্ধান পোৱা গৈছে । ফলত দিল্লীত অ’মিক্রন আক্রান্তৰ সংখ্যা হৈছে ২০ জন । ইয়াৰ ভিতৰত ১০ জন সুস্থ হৈ উঠিছে ।’’

দিল্লীৰ স্বাস্থ্য বিভাগৰ সূত্রে খবৰ, ২৮ জুনৰ পাছৰ পৰা ৰাজধানীত সংক্রমণৰ দৈনিক হাৰো সৰ্বাধিক হৈছে বৃহস্পতিবাৰে । সেই দিনটোত সংক্ৰমণৰ হাৰ হয় ০.১৫ শতাংশ । ইয়াৰ পাছৰ দিনাখনে একেলগে ১০ জনৰ শৰীৰত অ’মিক্রনৰ উপসর্গ ধৰা পৰাত উদ্বেগ বৃদ্ধি পাইছে স্বাস্থ্য বিভাগত । ইপিনে, শুকুৰবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ প্রকাশিত বুলেটিনত জনায় যে, বৃহস্পতিবাৰ পর্যন্ত চহৰখনত ৪৭৫ জন সক্রিয় কৰ’না ৰোগী আছে । যোৱা ২৪ ঘণ্টাত দিল্লীত অ’মিক্রনসহ নতুনকে আক্রান্তৰ সংখ্যা ৮৫ জন হৈছে ।

স্বাস্থ্য বিভাগে জনাইছে, অ’মিক্রন সংক্রমণৰ নিৰিখত ‘শংকাপূৰ্ণ’ দেশৰ পৰা অহা বিমানযাত্রীসকলক দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰৰ পৰা হাস্পাতাললৈ লৈ যোৱা হৈছে । তাত তেওঁলোকক বাধ্যতামূলকভাৱে কোৱাৰেন্টাইনত ৰখা হৈছে । লগতে, তেওঁলোকৰ জিনৰ পৰীক্ষাও কৰোৱা হৈছে বুলি জনাইছে স্বাস্থ্য বিষয়াসকলে ।

দেশৰ অন্যান্য ৰাজ্যতো দ্রুতগতিত অ’মিক্রনৰ সংক্ৰমণ হৈছে । স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, এই পর্যন্ত মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা সৰ্বাধিক । ৰাজ্যখনত ৩২ জনৰ শৰীৰত অ’মিক্রনৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰ উপৰি, কর্ণাটক, গুজৰাত, কেৰালা, তামিলনাডু আৰু অন্ধ্রপ্রদেশত অ’মিক্রনত আক্রান্তৰ সংখ্যা ৯০-ৰো অধিক হৈছে ।

Exit mobile version