অৱসাদ প্ৰতিৰোধ কৰে মাছৰ তেলে

fish oil cover 1 750x375 1

যিসকল লােক অৱসাদত ভুগিছে তেওঁলােকে যদি নিয়মীয়াকৈ মাছৰ তেল খায় তেতিয়াহ’লে অৱসাদৰ পৰা মুক্তি লাভ কৰাটো সম্ভৱ বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে।

বহুতে মানসিক অৱস্থাত ভুগি আত্মহত্যা কৰে। মাছৰ তেল খালে সহজতে এনেধৰণৰ প্রৱণতাই গা কৰি উঠিব নােৱাৰে। বিগত কে’বাবছৰ ধৰি ইংলণ্ডৰ বিভিন্ন কাৰাগাৰত থকা কয়দীয় ওপৰত এই অধ্যয়ন চলাইছে গৱেষকসকলে।

আত্মহত্যাৰ বাবে চেষ্টা কৰা এশগৰাকী কয়দীৰ ওপৰত এই গৱেষণা চলােৱা হয়। এইসকল কয়দীৰ তেজৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰাত ইক চাপেন্টানয়িক এচিডৰ পৰিমাণ তুলনামূলকভাৱে কম।

এইসকলৰ ভিতৰত আকৌ যিসকলে হত্যাকাণ্ডৰ স’তে জড়িত হৈছে। তেওঁলােকৰ শৰীৰত ওমেগা-৩ নামৰ ফেটী এচিডবিধৰ পৰিমাণ কম।

আনহাতে সিসকলে হিংসাৰ পথ গ্রহণ নকৰাকৈ অপৰাধ সংঘটিত কৰিছে তেওঁলােকৰ শৰীৰত তুলনামূলকভাৱে জঘন্য অপৰাধৰ স’তে জড়িত সকলতকৈ এইবিধ ফেটী এচিডৰ পৰিমাণ বেছি।

শেহতীয়াভাৱে মেলবনৰ অৰেন ৰিছাৰ্চ চেণ্টাৰৰ গৱেষকসকলে এইবুলি মন্তব্য আগবঢ়াইছে যে ওমেগা-৩ যুক্ত মাছ নিয়মীয়াকৈ খালে স্ত্রিজোফ্রেনিয়াত আক্রান্ত হােৱা পলম হয়।

আনহাতে ফবিয়া বা আতংকত ভােগাৰ সমস্যা প্রতিবােধৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা মন কৰিবলগীয়া। অধ্যয়নৰ সময়ত গৱেষকসকলে ১৩ৰ পৰা ২৪ বছৰৰ ভিতৰত ৮১ গৰাকী ল’ৰা-ছােৱালীক সামৰি লয়।

এই সময়ত ৮১ গৰাকী ল’ৰা-ছােৱালীৰ ভিতৰত মাত্র তিনিগৰাকীহে স্ত্রিজোফ্রেনিয়াম আক্রান্ত হােৱা দেখা যায়। আনহাতে ইংলেণ্ডৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ডাঃ মেলকল পীটে এইবুলি মন্তব্য আগবঢ়াইছে যে অধ্যয়নৰ কালত-মানসিকভাৱে বিকাৰগ্ৰস্তকলৰ ভালেখিনি উন্নত হােৱা পৰিলক্ষিত হয়।

এইসকল ৰােগীক, প্রথমতে এন্টি ছাইকোটিক ঔষধ সেৱন কৰিবলৈ দিয়া হৈছিল যদিও কোনাে বিশেষ ফল পােৱা নাছিল। কিন্তু যেতিয়া নিয়মীয়াকৈ মাছৰ তেল যোগান ধৰা হয় তেতিয়া তেওঁলােকৰ মানসিক অৱস্থাৰ ভালেখিনি পৰিবৰ্তন হ’বলৈ ধৰিলে।

Exit mobile version