পুৱালৈকে আছিল গাড়ীচালক ,দুপৰীয়া পৰিণত হ’ল কোটিপতিত

heera sheikh

কোৱা হয় যে যেতিয়া মানুহৰ ভাগ্য সলনি হয়, তেতিয়া পলকতে সকলাে সলনি হৈ যায়। ভাগ্য পৰিৱৰ্তনৰ এনে এক আজৱ ঘটনা সংঘটিত হ’ল পশ্চিমবংগৰ পূর্ব বর্ধমান জিলাত।

এই অঞ্চলৰ এজন এম্বুলেঞ্চ চালকৰ ভাগ্য মুহূর্ততে এইদৰে সলনি হ’ল যে নিশাটোৰ ভিতৰতে তেওঁ কোটিপতিত পৰিণত হ’ল।

এম্বুলেঞ্চ চালকে পুৱা ২৭০ টকা মূল্যৰ এখন লটাৰী টিকট ক্রয় কৰিছিল আৰু দুপৰীয়া তেওঁ পৰিণত হৈছিল এজন কোটিপতি ব্যক্তিত। এম্বুলেঞ্চ চালকজনক নাম শ্বেম হীৰা।

অলপতে হীৰাই পুৱা শুই উঠি কাষৰ বজাৰলৈ গৈছিল আৰু অন্যান্য সামগ্রীৰ লগতে তেওঁ ২৭০ টকা মূল্যৰে এখন লটাৰী টিকট ক্রয় কৰিছিল।

ইয়াৰ পাছত আনদিনাৰ দৰে হীৰা কামলৈ ওলাই গৈছিল৷ যেতিয়া দুপৰীয়া লটাৰীৰ ফলাফল ঘােষণা কৰিলে, তেতিয়া হীৰাই জানিব পাৰিলে যে তেওঁ ক্ৰয় কৰা টিকটটোৱে এক কোটি টকা লাভ কৰিছে।

এইদৰে হঠাতে লটাৰীত এক কোটি টকা লাভ কৰাত হীৰা আনন্দিত হােৱাৰ লগতে শংকিতও হৈ পৰিছিল। কোনােবাই টিকটখন কাঢ়ি নিব পাৰে বুলি শংকা প্রকাশ কৰি হীৰাই স্থানীয় থানাৰ স’তে যােগাযােগ কৰাত
আৰক্ষীয়ে তেওঁক নিৰাপত্তা প্রদান কৰে।

হীৰাই প্রকাশ কৰা অনুসৰি, লটাৰীত লাভ কৰা ধনৰে তেওঁ প্ৰথমে মাতৃৰ সু-চিকিৎসা কৰাব। হীৰাৰ মাতৃ অসুস্থ আৰু তেওঁৰ চিকিৎসাৰ বাবে ধনৰ প্রয়ােজন হৈছিল যদিও হীৰাই ধনৰ যােগাৰ কৰিব পৰা নাছিল।

কিন্তু লটাৰীত এক কোটি টকা লাভ কৰাত এতিয়া মাতৃৰ চিকিৎসা কৰাব পাৰিব হীৰাই। হীৰাই লগতে কয় যে তেওঁ প্রায়ে লটাৰী টিকট ক্রয় কৰি আহিছে যদিও কোনােদিনে পুৰস্কাৰ লাভ কৰা নাছিল।

কিন্তু এইবাৰ ভাগ্য উদয় হ’ল হীৰাৰ। এই ধনৰে মাতৃৰ চিকিৎসাৰ লগতে এটা ধুনীয়া বাসগৃহও নির্মাণ কৰিব হীৰাই।

Exit mobile version