মাৰ্কিন ৰাষ্ট্ৰপতিৰ সকীয়নি: শীতত অ’মিক্ৰনে ল’ব গুৰুতৰ ৰূপ,বাঢ়িব মৃত্যু

biden mask 1400

আমেৰিকাত কৰ’না আক্ৰান্তৰ সংখ্যা পুনৰ দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। ক’ভিডৰ নতুন প্রজাতি অ’মিক্রনৰ সংক্রমণ বৃদ্ধিয়েও দেশখনত নতুন আতংক অব্যাহত ৰাখিছে।

এনে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে দেশবাসীক সতর্ক কৰি কয় যে ক’ভিড প্রতিষেধক গ্রহণ নকৰা লােকসকলৰ এইবাৰৰ শীতত গুৰুতৰ ৰােগ হােৱাৰ শংকাৰ লগতে মৃত্যুবৰণাে কৰিব লগা হ’ব পাৰে।

কিছুদিন পূর্বে বাইডেনে কৈছিল যে আমেৰিকাবাসীয়ে কৰ’নাৰ নতুন প্রজাতিক ভয় কৰাৰ প্ৰয়ােজন নাই। কিন্তু এইবাৰ নিজৰ মত সলনি কৰি বাইডেনে আমেৰিকাবাসীক অ’মিক্রন সন্দৰ্ভত সজাগ- সচেতন হ’বলৈ আহ্বান জনালে।

বাইডেনে কয় যে অমিক্রনে অতি দ্রুতগতিত আমেৰিকাক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে আৰু একমাত্র প্রতিষেধক গ্ৰহণৰ জৰিয়তেহে দেশবাসীয়ে এই মাৰাত্মক ভাইৰাছক প্ৰতিৰােধ কৰিব পাৰিব।

ইতিমধ্যে দুপালি প্রতিষেধক লােৱা লােকসকলক বাইডেনে বুষ্টাৰ প্রতিষেধক ল’বলৈ আহ্বান জনাই লগতে কয় যে দেশৰ প্ৰতিজন নাগৰিকে ক’ভিডৰ কমেও দুপালি প্রতিষেধক লােৱা উচিত।

যােৱা পহিলা ডিচেম্বৰৰ পৰা আমেৰিকাত দৈনিক গড়ে ৮৬ হেজাৰ লােক কৰ’নাত আক্রান্ত হৈ আহিছে।

Exit mobile version