CoronaVirus: দৈনিক সংক্ৰমণৰ ৰেকৰ্ড ব্ৰিটেইনত ! অ’মিক্ৰনক লৈ আতংক বৰিছ জনছন চৰকাৰ

1639793791 corona brit

কৰ’না ভাইৰাছৰ ডেল্টা বা অন্য ষ্ট্ৰেইনৰ তুলনাত অ’মিক্ৰনৰ সংক্ৰমণ ক্ষমতা প্ৰায় ৭০ গুণ অধিক । মৃত্যুৰ ক্ষমতা কম, অ’মিক্ৰনৰ ফলত প্ৰথম মৃত্যু হৈছে ব্ৰিটেইনত ।

অ’মিক্ৰনক লৈ এতিয়া আতংক বৰিছ জনছনৰ চৰকাৰ ।সন্মুখত বৰদিনৰ উদযাপন। এই পৰিস্থিতিত কঠোৰ পদক্ষেপ লৈছে প্ৰশাসনে ।

জনোৱা হৈছে যে, উৎসৱ আৰু তাৰ পৰৱৰ্তী সময়ত নাইট ক্লাৱ বা যিকোনো সমাৱেশ বন্ধ ৰখা হ’ব। আনহাতে ,চৰকাৰে নিৰ্দেশ দিছে যে সকলোৱে কাৰ্যালয়ত কাম কৰিবলৈ পাৰস্পৰিক দূৰত্ব বজাই ৰাখিব লাগিব।

মহামাৰীৰ আৰম্ভণিৰ পৰা, ব্ৰিটেইনত শুকুৰবাৰে সৰ্বাধিক দৈনিক সংক্ৰমণ হৈছে। এদিনত কৰ’না পজিটিভ ধৰা পৰিছে ৮৮ হেজাৰ ৩৭৬ জন।

চৰকাৰে ইয়াৰ বাবে দিছে পাঁচটা পৰামৰ্শ দিছে

(১) সকলোৱে ভেকছিন গ্ৰহণ কৰিব লাগিব ।

(২) বজাৰ কৰিবলৈ যোৱা বা বন্ধু আৰু আত্মীয়সকলক লগ কৰাৰ আগতে কৰ’না পৰীক্ষাৰ প্ৰতিবেদন নিগেটিভ পৰীক্ষা কৰক।

(৩) কাৰোবাক লগ কৰিবলৈ হ’লে মুকলি ঠাইত লগ কৰক।

(৪) কেবাদিনমানৰ ব্যৱধানৰ পাছত লোকসকলক লগ কৰা।

(৫) পাৰস্পৰিক দূৰত্ববিধি , মাস্ক পৰিধান কৰা আৰু হাত ধোৱাৰ নিয়ম বজাই ৰখা। চৰকাৰে কয় যে নিয়ম অনুসৰণ কৰিলে সংক্ৰমণত হ্ৰাস কৰিব পৰা যাব।

Exit mobile version