প্ৰতিদিনে হালধি আৰু গাখীৰ খোৱাৰ যাদুকৰী গুণ !

haldi doodh

হালধি সকলোৰে ঘৰৰ পাকঘৰত সহজে উপলদ্ধ । হালধীয়ে বিভিন্ন ৰোগৰ পৰা আমাক ৰক্ষা কৰে।ৰন্ধনত হালধি ব্যৱহাৰে ব্যঞ্জনত সোৱাদ আনে ।হালধি কেঁচাকৈও ব্যৱহাৰ কৰা হয় । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈও হালধি এবিধ উৎকৃষ্ট উপাদান ।

হালধি বিভিন্ন সময়ত কেচাঁকৈ খোৱাৰ উপৰিও বহুতে ইয়াক পানীয় হিচাপে তৈয়াৰ কৰি খায় । সোৱাদ আৰু উপকাৰ বঢ়াবলৈ কেতিয়াবা হালধিৰ লগত মিহলি কৰি খাব পাৰে এলমণ্ড, কাজু মৌও ,আদা জালুক, ডালচেনি বা অন্য কিবা। ইয়াৰ উপকাৰো আছে যথেষ্ট৷

বাহিৰৰ দেশৰ অনুকৰণত এতিয়া ভাৰততো উপলব্ধ হৈছে এই হালধীৰ পানীয়।

★হালধিয়ে প্রদাহ কমোৱাত বহু গুণেই সহায় কৰে ।

★ নিয়মিত গাখীৰ-হালধি খালে কাৰকিউমিনৰ প্রভাৱত বিডিএনএফ নামৰ এক ৰাসায়নিকৰ পৰিমাণ বাঢ়ে কাৰণে কমে আলঝেইমাৰৰ প্রকোপ। মগজুৰ কার্যকৰিতা বাঢ়ে।

★ হালধি খালে মন ভালে থাকে।

★ হালধি, আদা, ডালচেনি সকলোতে আছে কেন্সাৰ প্ৰতিৰোধৰ গুণাৱলী আছে।

★গাখীৰত আছে প্রটিন, কেলচিয়াম আৰু ভিটামিন ডি। নিয়মিত খালে সাধাৰণ স্বাস্থ্য ভালে থাকে। ভালে থাকে হাড় আৰু পেশী। ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাতো ইয়াৰ ডাঙৰ ভূমিকা আছে ।

Exit mobile version