অসম-নগালেণ্ড সীমান্তৰ লাহৰীজানত বেদখল উচ্ছেদৰ বাবে সষ্টম প্ৰশাসন

টালি-টোপোলা বান্ধি আঁতৰি গৈছে বহু পৰিয়াল, প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

অসম চৰকাৰে ৰাজ্যখনত বেদখলমুক্ত কৰিবৰ বাবে যি অভিযান অব্যাহত ৰাখিছে তাৰে অংশ হিচাপে ২০ ডিচেম্বৰ সোমবাৰে পুৱাৰ পৰাই অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলংৰ লাহৰীজানৰ দুদু কলনিত প্ৰশাসনে উচ্ছেদ অভিযান চলাব ৷ ইতিমধ্যে অঞ্চলটোত প্ৰশাসনে বহু সংখ্যক আৰক্ষী অৰ্দ্ধ সামৰিক বাহিনী নিয়োগ কৰাৰ লগতে দেওবাৰে বিয়লিৰ পৰা অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে । লগতে ৭০০ মিটাৰ ব্যাসাৰ্দ্ধত সকলো দোকান-পোহাৰ তথা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৷

১০৬টা পৰিয়াল উচ্ছেদিত হ’বলগীয়া উক্ত অঞ্চলৰ লোকসকলে নগালেণ্ডৰ ডিমাপুৰত বিভিন্ন কৰ্ম কৰি আহিছে ৷ উচ্ছেদৰ প্ৰাক মূহুৰ্তত বহু পৰিয়ালে টালি-টোপোলা বান্ধি আঁতৰি যোৱা পৰিলক্ষিত হৈছে যদিও আন একাংশই উচ্চ ন্যায়লয়ৰ স্থগিতাদেশ আছে বুলি কৈ এই উচ্ছেদ অবৈধ বুলি দাবী জনাইছে ৷

আনহাতে, নগালেণ্ড প্ৰশাসনেও উচ্ছেদৰ পাছত যাতে পুনৰ ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে ৷ সেয়ে উচ্ছেদিত লোকসকল ক’লৈ যাব সেয়া অনিশ্চিত হৈ পৰিছে ৷

ইপিনে, অসম-নগালেণ্ড সীমান্তৰ এই উচ্ছেদ অভিযান যথেষ্ট স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে ৷‌ যিহেতু লাহৰীজানৰ দুদু কলনীয়েই অসম-নগালেণ্ড সীমান্তৰ সীমা নিৰূপণ কৰি আহিছে ৷

Exit mobile version