দাঁতৰ ক্ষয়-প্ৰতিৰােধ কৰিব কেনেকৈ

bad breath

দাঁতৰ ক্ষয়-প্ৰতিৰােধ কৰিব কেনেকৈ এ ক্লিন টুথ ডাজ নট দিকে। অর্থাৎ যেতিয়া দাঁত পৰিষ্কাৰ কৰি ৰখা হয় তৈতিয়া ক্ষয় নহয়। সহজ অর্থত ক’বলৈ হ’লে পৰিষ্কাৰ দাঁত অক্ষয়। যদিহে এজন লােকে নিয়মীয়াকৈ দাঁত বিজ্ঞানসন্মত ভাবে পৰিষ্কাৰ কৰে তেতিয়াহ’লে দাঁতৰ ক্ষয় প্রতিবােধ কৰাটো সম্ভৱ। বাস্তৱ ক্ষেত্ৰত দেখা যায় যিসকল লােকে খাদ্যগ্রহণৰ পাছত ভালদৰে পৰিষ্কাৰ নকৰে তেওঁলােকৰ সততে এনে ধৰণৰ সমস্যাই গা কৰি উঠে। এনে ক্ষয় প্ৰতিৰােধৰ বাবে ধন ভৰিব নালাগে, মাথা প্রয়ােজন সতর্কতাৰ। কেনেধৰণৰ সতর্কতা অৱলম্বন কৰিব আৰু কোনবােৰ বিষয়ত গুৰুত্ব দিব লাগে সেই সম্পর্কে উল্লেখ কৰা হ’ল

★নিতৌ তিনিবাৰ ব্ৰাছ কৰিব লাগে। যদি সম্ভৱ নহ’ব তেন্তে পুৱা আৰু নিশা কৰিলেও সুফল পােৱা যায়।

★দীর্ঘদিন ধৰি একেডাল ব্রাছকেই ব্যৱহাৰ নকৰিব। প্রতি তিনি মাহৰ অন্তৰে অন্তৰে ব্ৰাছ সলনি কৰা উচিত। কিয়নাে বেছিদিন ব্যৱহাৰ কৰিলে ব্ৰাছৰ গুৰিত বীজাণু জন্ম হােৱাৰ আশংকা থাকে। এই বীজাণুবােৰে দাঁতৰ আলুত আক্রমণ কৰি পাছত ক্ষয়ৰ পৰােক্ষ কাৰণ হৈ পৰে।

★ব্রাছ কৰােতে দাঁতৰ মাজৰ কিছুমান ঠাইত ব্রাছে ঢুকি নাপায়। ফলত সেই ঠাইখিনিত মলি জমা হ’বলৈ ধৰে। এই ঠাই সমূহত যাতে মলি জমা হ’ব নােৱাৰে তাৰ বাবে ডেণ্টেল ফ্লছ বিশেষ ধৰণৰ টুথ পিক অথবা ডেণ্টেল ব্রাছ ব্যৱহাৰ কৰিব পাৰে। দাঁতৰ মাজৰ যিবােৰ অংশত ব্রাছ ব্যৱহাৰ কৰিব নােৱাৰি তাত বীজাণুৱে বাস নকৰে বুলি বহুতেই ভাৱে যদিও সেয়া দৰাচলতে ভ্রান্ত ধাৰণাহ মাথাে ।

Exit mobile version