ভকুৱামাৰী-কুৰিবিল সংযোগী পকী দলং নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

বাগসাৰ শালবাৰীৰ ভকুৱামাৰীত পল্লা নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত আজি ৰাতিপুৱাই ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শালবাৰীৰ আনন্দ বজাৰৰ সমীপৱৰ্তী ভকুৱামাৰী-কুৰিবল সংযোগী পল্লা নৈৰ ওপৰত বছৰ বছৰ ধৰি থকা এখন জৰাজীৰ্ণ বাঁহৰ দলংৰ ঠাইত পকী দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ চৰকাৰক দাবী জনাই অহা হৈছিল যদিও আজিকোপতি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াতৰ বাবে নিৰ্মাণ নহ’ল এখন পকী দলং ৷

প্ৰায় চাৰি বছৰ পূৰ্বে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ভকুৱামাৰীত পল্লা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল যদিও সেয়া আজিও আধাৰশিলা হৈয়ে থাকিল ৷

নিৰ্মাণ নহ’ল প্ৰতিশ্ৰুতি দিয়া এখন পকী দলং৷ইফালে শাসনাধিষ্ঠিত চৰকাৰখনেও এইক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি উপায়ন্তৰ হৈ ৰাতিপুৱাই ওলাই আহি ৰাইজে দলং নিৰ্মাণৰ দাবীত নৈৰ পাৰত একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আমাক দলং লাগিবই,আমাৰ দাবী ন্যায্য দাবী,ৰঞ্জিত দাস মুৰ্দাবাদ,ইউপিপিএল চৰকাৰ মুৰ্দাবাদ,প্ৰমোদ বড়ো মুৰ্দাবাদ,প্ৰমোদ বড়ো গ’ বেক,হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ,মনোৰঞ্জন তালুকদাৰ মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অঞ্চলটোৰ ৰাইজে ৷

উল্লেখ্য যে প্ৰায় ৫০ খনকৈ গাঁৱৰ ১২ হাজাৰ লোকে এই বাঁহৰ দলংখনেৰে অহাযোৱা কৰে৷স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি শিক্ষক-শিক্ষয়িত্ৰীৰ নিতৌ আহযাহ চলা এই বাঁহৰ দলংখনত ইতিমধ্যে কুৰিৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে ৷

বাৰিষাৰ সময়ত নাওৰে পাৰাপাৰ হোৱা বৃহত্তৰ অঞ্চলৰ ৰাইজে অতি সোনকালে উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ জোৰদাৰ দাবী উত্থাপন কৰিছে ৷

Exit mobile version