সময়মতে পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে হ’ব পাৰে বিপদ !

croppedUntitleddesign20200717T040046THQ4345

কামৰ চাপৰ বাবে বহুতে পুৱাৰ আহাৰ সময়মতে গ্ৰহণ নকৰে। পুৱাই উঠিয়ে কর্তব্যস্থলীলৈ যােৱাৰ তাগিদা, কামৰ হেঁচা আদিৰ বাবে পুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ সময় নাপায়।

পিছে এনেদৰে সদায় পুৱাৰ আহাৰ গ্ৰহণ নকৰাৰ ফলত নিজৰ অজ্ঞাতেই বহুতাে ৰােগৰ চিকাৰ হােৱা দেখা যায়।

★ হৃদৰােগ হােৱাৰ আশংকা থাকে। কাৰণ নিয়ম মতে খাদ্য গ্রহণ নকৰিলে পাছত ফাষ্টফুড, জাংক ফুড আদি খায়। এইবােৰ খােৱাৰ ফলত শাৰীৰিক মানসিক সমস্যাই গা কৰি উঠে। চুলি সৰাৰ সমস্যাৰ সৃষ্টি হয়। কাৰণ চুলিৰ যতন লােৱাৰ লগতে পুষ্টি আদি লাভ নকৰে। কিছুমানৰ চৰ্মৰােগ হােৱাৰ আশংকা নুই কৰিব নােৱাৰি। কাৰণ মসৃণ ছালৰ বাবে সময়মতে উপযুক্ত খাদ্যৰাে প্রয়ােজন।

★ শাৰীৰিক প্রক্রিয়া সঠিকভাৱে সম্পাদন হােৱাত ব্যাঘাত জন্মে।

★ সময়মতে উপযুক্ত খাদ্য গ্রহণ নকৰাৰ ফলত মেদবহুলতাৰ সমস্যায়াে গা কৰি উঠাৰ আশংকা থাকে। যদিহে শৰীৰটোৱে সময়মতে খাদ্য লাভ নকৰে তেতিয়াহ’লে ইয়াৰ প্রতিক্রিয়া হয়। তদুপৰি পুৱাই যদি আহাৰ ভালদৰে গ্ৰহণ কৰা নহয় তেতিয়াহ’লে পাছত ভােক লাগিলে ফাষ্টফুড আদি খােৱাৰ ফলত শৰীৰত অতিৰিক্ত চর্বি জমা হােৱাৰ আশংকা থাকে।

★ লাহে লাহে মানসিক সমস্যায়ে গা কৰি উঠে।

Exit mobile version