ঐতিহ্যমণ্ডিত সাংস্কৃতিক ৰাজধানী যোৰহাট জিলাৰ চেলেংহাটৰ সামাজিক অনুষ্ঠান বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু কাব্য প্ৰেমী ৰাইজৰ সহযোগত চেলেংহাটস্থিত ৰাজীৱ গান্ধী ক্ৰিয়া প্ৰকল্পত ১৯ ডিচেম্বৰ দেওবাৰে গীত আৰু কবিতাৰ মাজেৰে শীতৰ এনিশা নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় । শৰীৰ চৰ্চাবিদ তুষাৰ পালে বৃক্ষৰোপণ কৰি আয়োজন কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্জ্বলন কৰে চেলেংহাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত কুমাৰ শইকীয়াই ।
সামগ্ৰিকভাৱে কাব্য সন্ধ্যাটো উদ্ধোধন কৰে নকছাৰী মহাবিদ্যালয় অধ্যক্ষ উত্তম কুমাৰ বৰুৱাই । অনুষ্ঠানৰ সভাপতি মদন মোহন পাগবন্ধা, সাংস্কৃতিক সম্পাদক সমীৰণ দত্তই আঁত ধৰা অনুষ্ঠানটোত শিল্প প্ৰদৰ্শনী মুকলি কৰে কৃতি শিক্ষক উৎপল চুতীয়াই । অনুষ্ঠানটোত শিকলি আলোচনীৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা, কবি দেৱজিৎ হাজৰিকা, বিমান শইকীয়া, প্ৰণৱ কুমাৰ গগৈ, বিজিৎ লাহন, তপন পাত্ৰকে ধৰি বহু কেইজন কবিয়ে কবিতা পাঠ কৰে ।
গীতৰ অনুষ্ঠানত ভূপেন হাজৰিকাৰ সান্নিধ্য প্ৰাপক ঘন হাজৰিকা, শিক্ষক পবিত্ৰ গগৈ, শিল্পী কৃতিস্না বৰুৱা, অলংকৃতা হাজৰিকা, অভিজিত গগৈ আৰু নগাঁৱৰ শিল্পী জ্যোতিৰ্ময়ী গগৈকে ধৰি বহু কেইজন শিল্পীয়ে গীত আৰু অদিছি দত্ত আৰু লক্ষ্মীপ্ৰিয়া গগৈয়ে নৃত্য পৰিবেশন কৰে । এই অনুষ্ঠানতেই ভাষ্কর্য শিল্পী প্ৰশান্ত বৰুৱাৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় আৰু এই প্ৰদৰ্শনিতেই চেলেংহাটৰ দুজন ছাত্ৰ ক্ৰমে ৰাজদ্বীপ গগৈ আৰু ধ্ৰুৱজ্যোতি গগৈয়ে জ্যোতি আৰু বিষ্ণুৰ দুখন চিত্ৰ থিতাতে অংকন কৰি ৰাইজৰ সমাদৰ লাভ কৰে ।
এই অনুষ্ঠানত শিক্ষক বিদ্যুৎ (পুস্প) গগৈ, সমাজকৰ্মী তথা অভিনেতা সঞ্জীৱ গগৈয়ে নিজৰ অনুভৱ ব্যক্ত কৰে । অনুষ্ঠানটোত উপস্থিত থাকি সাংস্কৃতিক কৰ্মী কাজু গগৈয়ে জ্যোতি বিষ্ণু আৰু ভূপেনদাৰ গীতৰ মাজেৰে এক ৰসাল বক্তৃতা প্ৰদান কৰে । বৰ্তমান সময়ত নব প্ৰজন্মৰ মাজত এক সাংস্কৃতিক পৰিবেশ আৰু সাহিত্য চর্চাৰ বাবেই এই অনুষ্ঠান আয়োজন কৰা হৈছে বুলি যুটীয়া সম্পাদক তপন পাত্ৰই অনুষ্ঠানত জানিব দিয়ে ।